অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত, গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত আৰু হাজো ৰাজ্যিক পশু চিকিৎসালয়ৰ সহযোগত ৰবিবাৰে পচৰীয়া গাওঁত এটা বিনামূলীয়া পশু চিকিৎসা আৰু ছিটাকৰণ শিবিৰৰ আয়োজন কৰা হয়। শিবিৰত মুঠ ২০৪ টা পশুধন আৰু কুকুৰাৰ চিকিৎসা কৰা হয় লগতে ঔষধ পেলু দৰব, খনিজ্য লবন আৰু ভিটামিন দিয়া হয়। পশু ধনৰ চিকিৎসাৰ লগতে ১৮৫ টা গৰুক গল ফুলা আৰু জহৰ বাদ ৰগৰ প্রতিষেধক ছিটা প্ৰদান কৰা হয়।
আনহাতে কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডঃ ধীৰেন্দ্ৰ নাথ কলিতা আৰু জিলা পশু চিকিৎসা বিষয়া ডাঃ হীৰেন ডেকাৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত মহকুমা পশু চিকিৎসা বিষয়া ডাঃ কিশোৰ কুমাৰ বৈশ্য,পশু চিকিৎসা বিষয়া ডাঃ অখিল ৰঞ্জন মেধি, ডাঃ বিনয় কুমাৰ শৰ্মা, ডাঃ দিলীপ চন্দ্ৰ পাঠক, ডাঃ ধীমান পাটগিৰি আৰু পশু চিকিৎসা ক্ষেত্ৰ সহায়ক সকল উপস্থিত থাকে। শিবিৰটো পৰিচালনা কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয় বস্তু বিশেষজ্ঞ ডঃ ইলাক্ষী ডেকাই আৰু সহযোগ কৰে কেন্দ্ৰৰ প্ৰতুল চন্দ্ৰ ডেকাই।