নিউজ ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থা (আছু)ই নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (কা আইন) বাতিলৰ দাবীত ১২ ডিচেম্বৰত ৰাজ্যজুৰি গণ হুংকাৰ কাৰ্যসূচী পালন কৰা হ’ব বুলি উল্লেখ কৰিছে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ৷ সংবাদ মাধ্যমত দিয়া এখন বিবৃতিত কয় যে ২০১৯ চনৰ ১১ ডিচেম্বৰত সংসদত গ্ৰহণ কবি জনসাধাৰণৰ ওপৰত জাপি দিছিল। সমগ্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলত জনসাধাৰণে এই আইনৰ বিৰোধিতাৰ বাবে ৰাজপথত আন্দোলনৰ বাবে ওলাই আহিছিল। সেই সময়ত অসম চৰকাৰৰ পুলিচ বাহিনীয়ে ১২ তাৰিখে এগৰাকী স্কুলীয়া ছাত্ৰকে ধৰি ৫ গৰাকী ব্যক্তিক নিৰ্বিচাৰে বর্ববভাৰে গুলি বর্ষন কৰি হত্যা কৰিছিল। তাৰ পিছত এই হত্যাকাণ্ড ন্যায়িক তদন্তৰ দাবী গণতান্ত্রিকভাবে আন্দোলন ছাত্র সন্থাই চলাই গৈছিল। অসম চৰকাৰৰ পুলিচ বাহিনীয়ে নিৰ্মমভাৱে গুলিয়াই হত্যা কৰা ৫ গৰাকী শ্বহীদ পৰিয়ালে আজিও ন্যায় নাপালে। ফুলকুমলীয়া ছাত্রকে ধৰি ৫ গৰাকী নিৰপৰাধী ব্যক্তিক হত্যা কৰা ঘটনাৰ ন্যায়িক তদন্ত আৰু দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবীত অহা ১২ তাৰিখে অসমৰ সকলো জিলা ছাত্ৰ সন্থাই ৰাজহুৱা স্থানত শংখ, দবা, ঢোল-তাল বজাই ‘কা’ বাতিলৰ দাবীত আৰু বৰ্বৰ পুলিচ হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবীত গণ হুংকাৰ কাৰ্য্যসূচী গ্ৰহণ কৰিছে। শ্বহীদ চেম ষ্টেফর্ড, দীপাঞ্জল দাস, ঈশ্বৰ নায়ক, আব্দুল আলিম, পাংগিঙৰ হত্যাৰ বিচাৰ হ’বই লাগিব।
এই সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক প্রেছ বিবৃতিত কয়— বিদেশী নাগৰিকক নাগৰিকত্ব দিয়া এই আইন বাতিল হ’বই লাগিব। অসমৰ জনসাধাৰণৰ স্বাৰ্থ বিঘ্নিত কৰি কেন্দ্রীয় চৰকাৰে আমাৰ ওপৰত কা’ জাপি দি জাতিটোক সংখ্যালঘুত পৰিণত কৰিবলৈ কৰা সকললো কৌশল ছাত্র সমাজে প্রতিহত কৰিব। ধর্মৰ নামত বিদেশীক ভাগ ভাগ কৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত কোনো কাৰণতে মানি লোৱা নহ’ব। অসমত অসম চুক্তি অনুসৰিহে বিদেশী নাগৰিকৰ জ্বলন্ত সমস্যাটো সমাধান হব লাগিব। শ্বহীদসকল ত্যাগক অথলে যাব নিদিয়াৰ সংকল্পৰে ছাত্র সন্থা আৰু ৩০টা জনগোষ্ঠী সংগঠনে ভবিষ্যতে ব্যাপক কাৰ্যসূচী গ্রহণ কৰিব। কা আন্দোলনৰ প্রতি প্রতিগবাকী শ্বহীদৰ ফটো সম্বলিত প্ৰতিচ্ছবি সমুখত লৈ জিলা ছাত্র সন্থাৰ একোটা গোটে এই কাৰ্যসূচী ৰূপায়ন কবি প্ৰতিবাদ সাব্যস্ত কৰিব। গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি স্থানত এই প্ৰতিবাদ সাব্যস্ত কৰা হব। সন্ধিয়া ছাত্ৰ সন্থাৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই শ্বহীদ বেদীত বস্তি প্ৰজ্বলনৰে ৫গৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাব৷”