নিউজ ডেস্কঃ গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেঁতুৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ বিশেষ মন্তব্য কৰে৷ তেওঁ কয় যে, ‘‘ক’ভিডৰ বাবে বিহু, ঈদ পাতিব নোৱাৰিলো৷ গতিকে দুৰ্গা পূজাৰ পিছত যাতে ক’ভিড পৰিস্থিতি অৱনতি নঘটে সাৱধান হ’ব লাগিব৷ গুৱাহাটীবাসীক আমি প্ৰতিশ্ৰুতি দিছিলো দুৰ্গা পূজাৰ এদিন আগত এই উৰণীয়া সেঁতু মুকলি কৰিম৷ মুখ্যমন্ত্ৰীয়ে এই উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰিছিল, আজি মুকলিও কৰিব মুখ্যমন্ত্ৰীয়ে; এয়া সৌভাগ্য৷ ইয়াৰ পিছত মালিগাঁও আৰু ছুপাৰমাৰ্কেটত উৰণীয়া সেঁতুৰ কাম শেষ হ’ব৷ ইয়াৰ পিছত ৰিহাবাৰীৰ পৰা আৰ্য কলেজলৈ আন এখন উৰণীয়া সেঁতু নিৰ্মাণ হ’ব৷ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙৰো ৩০% কাম সম্পন্ন হৈছে৷ দিল্লীৰ বিজ্ঞান ভৱন সদৃশ কনভেনচন হল নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে৷ ৰিহাবাৰী, পাণবজাৰক ফাষ্ট এক্সপ্ৰেচ ক’ৰিডৰেৰে সংলগ্ন কৰা হ’ব৷ এমএমচিএইচ আৰু টিবি হাস্পতাল সংলগ্ন কৰি নিৰ্মাণ হ’ব নতুন মেডিকেল কলেজ৷ চান্দমাৰীৰ পৰা নুনমাটিলৈ হ’ব এলিভেটেড ফ্লাই অভাৰ৷ এলিভেটৰ ফুট অভাৰ ব্ৰীজ নিৰ্মাণৰ কাম ৮০% সম্পন্ন হৈছে, ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত সম্পন্ন হ’ব৷ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ সৰ্বাংগ সুন্দৰ হ’ব গুৱাহাটী৷ ২ নৱেম্বৰৰ দিনা একেলগে ১২১খন চাহ বাগিচাত এখনকৈ হাইস্কুল নিৰ্মাণ কৰা হ’ব, এপ্ৰিলত কাম শেষ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷’’