সংগীত নাটক অকাডেমী (SNA), নতুন দিল্লীৰ উদ্যোগত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালকালয়ৰ সহযোগত ৯ আৰু ১০ ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে মীৰা ভজন সম্পৰ্কীয় কলা ধৰোহৰ নামেৰে এক কৰ্মশালা অনুষ্ঠিত হয় ।সন্ত মীৰাবাইৰ ৫২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে দেশৰ বিভিন্ন বিদ্যালয়, বিশ্ববিদ্যালয়ত বিশিষ্ট শিল্পী, গুৰু আৰু পণ্ডিতসকলৰ দ্বাৰা পৰিবেশন কলাৰ বক্তৃতা, কৰ্মশালা আৰু প্ৰদৰ্শনৰ আয়োজন কৰি ৰাষ্ট্ৰীয় শিক্ষা নীতিক সহায় কৰাৰ বাবে এছ এন এৰ এক পদক্ষেপ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ননীগোপাল মহন্তই সংগীত নাটক অকাডেমীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলো অংশগ্ৰহণকাৰীকে সক্ৰিয় অংশগ্ৰহণৰ বাবে অভিনন্দন জ্ঞাপন কৰে। লক্ষ্ণৌৰ ভাটখণ্ডে সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ সীমা ভৰদ্বাজে সহযোগী শিল্পী উষা সিঙৰ সৈতে সমল ব্যক্তি হিচাপে উপস্থিত থাকি মীৰা ভজন পৰিবেশন কৰি অংশগ্ৰহণকাৰী সকলক প্ৰশিক্ষণ দিয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা এন এছ এছৰ কাৰ্য্যসূচী সমন্বয়ক ড০ ৰঞ্জন কুমাৰ কাকতি আৰু গুৱাহাটীৰ পাঞ্জাবাৰীৰ সংগীত নাটক অকাডেমিৰ সত্ৰীয়া কেন্দ্ৰৰ সঞ্চালিকা ডঃ প্ৰতিভা শৰ্মাই অংশগ্ৰহণ কৰি অংশগ্ৰহণকাৰী সকলৰ সৈতে বাৰ্তালাপ কৰে। দুদিনীয়া এই কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনৰ মহাবিদ্যালয় সমূহৰ প্ৰায় ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।