গুৱাহাটী চিটী এফচিৰ মহিলা ফুটবল দল মুকলি ৷
আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসত বেহাৰবাৰীস্থিত ‘গেম অন এৰিনা’ত দলটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷
মহিলা ফুটবল দলটোৰ নাম ৰখা হয় ‘জিচিএফচি লেডীজ’ ৷
ভাৰতৰ শীৰ্ষ মহিলা ফুটবল লীগ ‘ইণ্ডিয়ান ৱমেন্ছ লীগ’ চমুকৈ আই ডব্লিউ এলত ভৱিষ্যতে অংশ লোৱা আৰু ৰাজ্যত মহিলা ফুটবলৰ বিকাশৰ লক্ষ্যৰে গঠন কৰা হৈছে ফুটবল দলটো ৷
অভিজ্ঞতাসম্পন্ন আৰু এআইএফএফৰ লাইচেঞ্চপ্ৰাপ্ত প্ৰশিক্ষক বিতু দাসক ‘জিচিএফচি লেডীজ’ৰ প্ৰশিক্ষকৰূপে নিযুক্তি দিয়া হৈছে ৷
প্ৰথমে দলটোৱে বিভিন্ন স্থানীয় প্ৰতিযোগিতাত অংশ ল’ব আৰু ৰাজ্যিক চেম্পিয়নশ্বিপত অংশ লৈ ২০২১-২২ ছিজনত আই ডব্লিউ এলৰ বাবে প্ৰস্তুতি চলাব বুলি জিচিএফচিৰ সহঃপ্ৰতিষ্ঠাপক ডৰিক ৰঞ্জন ডেকাই জনায় ৷
অনুষ্ঠানত অসম ফুটবল সংস্থাৰ কোষাধ্যক্ষ হীৰেণ গগৈ, ৱান ষ্টপ কিচ্চেনৰ প্ৰতিষ্ঠাপক ৰাহুল হাজৰিকা, ‘হেল্দী কো’ৰ ব্ৰেণ্ড হেড অভিষেক বেদী বাৰ্মা, এছ জি ল প্লাছৰ পিনাক ডেকা, জিচিএফচিৰ সহঃপ্ৰতিষ্ঠাপক সিদ্ধাৰ্থ শংকৰ ডেকা, ‘গেম অন এৰেনা’ৰ প্ৰতিষ্ঠাপক ছাজাদ ছিদ্দকি উপস্থিত থাকে ৷
জিচিএফচিয়ে মহিলা ফুটবলৰ বিকাশৰ বাবে মহানগৰীত শীঘ্ৰেই আৰম্ভ কৰিব একাডেমী ৷