পশ্চিম গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দ্বিতীয় প্রতিষ্ঠা দিৱস আজি উদযাপন কৰা হয়। উল্লেখ্য যে ২০২৩ চনত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় হিচাপে অনুমোদিত হোৱাৰ আগতে ২০০৬ চনত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এও টেকন’লজি (জি আই এম টি) হিচাপে স্থাপিত হৈছিল। তাৰ পিছত ২০০৭ চনত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ ফাৰ্মাচিউটিকেল ইনষ্টিটিউট গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফার্মাচিউটিকেল ছায়েন্সৰ আৰম্ভণি হয়। শ্ৰীমন্ত শংকৰ একাডেমী (এচ এচ এ) ছচাইটিৰ পৃষ্ঠপোষকতাত বিশ্ববিদ্যালয় হিচাপে স্থাপনৰ মাত্ৰ দুবছৰীয়া যাত্ৰাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ৰাছিয়াৰ মাৰি ষ্টেট ইউনিভাৰ্চিটি আৰু দক্ষিণ আফ্রিকা বিশ্ববিদ্যালয় (ইউনিছা) কে ধৰি ধাৰাবাহিক বুজাবুজিৰ চুক্তিৰ জৰিয়তে বিশ্বৰ প্ৰধান শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে সক্রিয়ভাৱে অংশীদাৰিত্ব কৰাৰ গৌৰৱ লাভ কৰিছে। আনহাতে এই উপলক্ষে বন্তি প্রজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত সকলোকে আদৰণি জনায় শ্ৰীমন্ত শংকৰ একাডেমীৰ সভাপতি যশোদা ৰঞ্জন দাসে।
বিশ্ববিদ্যালয়ৰ উপাচার্য, অধ্যাপক কন্দর্প দাসে প্রতিষ্ঠানটোৰ শৈক্ষিক উন্নতি, গৱেষণামূলক পদক্ষেপ, আৰু বৃহত্তৰ সমাজলৈ আগবঢ়োৱা অৱদানৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য, অধ্যাপক ননী গোপাল মহন্তই নতুন শিক্ষা নীতি ৰূপায়ণত বিশ্ববিদ্যালয় সমূহৰ ভূমিকাকে ধৰি এক অন্তর্দৃষ্টিসম্পন্ন ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচার্য অধ্যাপক জয়ন্ত ডেকায়ো ভাষণ প্ৰদান কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ আটাইতকৈ উৎপাদনশীল গৱেষকৰ লগতে নির্বাচিত কিছু কৰ্মচাৰীক বছৰটোত নিষ্ঠাৰে আগবঢ়োৱা সেৱাৰ বাবে বিশেষ বঁটাৰে সন্মানিত কৰা হয়। ইফালে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা এক বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। আনহাতে এন চি চি কেডেট সকলৰ অভিবাদন গ্ৰহণ কৰি প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে শ্ৰীমন্ত শংকৰ একাডেমীৰ সভাপতি যশোদাৰঞ্জন দাসে। অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ চাফাই কর্মীসকলক সম্বর্ধনা জনোৱা হয়। একেদৰে বিশ্ববিদ্যালয় চৌহদত মেলেৰিয়া প্ৰতিৰোধী পৰীক্ষাগাৰ এটা উদ্বোধন কৰা হয়। বিয়লি ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা এক বর্ণিল সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। দিৱসৰ লগত সংগতি ৰাখি বিয়লি বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত এখন প্ৰীতি ক্রিকেট খেল অনুষ্ঠিত হয়। সামৰণিত থলুৱা জন জাতি আৰু বন্য প্ৰাণীৰ মাজৰ সম্পৰ্কৰ ধ্যানমগ্ন অন্বেষণ অস্কাৰ বিজয়ী তথ্য চিত্র “দ্য এলিফেন্ট হুইছপাৰাৰ্ছ” ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰদৰ্শন কৰা হয়।