বৰ্তমান সময়ছোৱাত ধৰ্ষনকাণ্ডৰ লগত জৰিত অভিযুক্তক আৰক্ষীৰ জালত পেলাবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত আছে । কিন্তু তাৰ পাছতো যেন একাংশই কেৰেপ কৰা নাই আৰক্ষীক । হোলীৰ উৎসাহৰ মাজতে মহানগৰীৰ বেলতলাত পুনৰ চাঞ্চল্যকৰ ঘটনা ৷
উল্লেখ্য যে, ঘৰৰ মালিকে ভাৰাতীয়াৰ জীয়ৰীক শ্লীলতা হানিৰ অভিযোগ উত্থাপিত হৈছে । ফাকু সনাৰ চলেৰে ১৩ বছৰীয়া কিশোৰীক শ্লীলতা হানিৰ অভিযোগ ৷ ৬৪ বছৰীয়া নৰেশ্বৰ কলিতা ওৰফে ধন কলিতাৰ বিৰুদ্ধে প্ৰতিবেশীৰো নানা অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে ।দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে নৰেশ্বৰ কলিতাক ৷
কিছুদিন পূৰ্বে গাড়ীগাওঁ ধৰ্ষণকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত বিকি আলীক আৰক্ষীয়ে এন্কাউন্টাৰ কৰা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে ।
এয়াৰ পাছতেই ৰাজ্য কঁপোৱা এই ধৰ্ষণ কাণ্ডত জড়িত পলাতক দুই অভিযুক্ত ফাইজুল আৰু পোনা আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
এতিয়া প্ৰশ্ন হয় যে, ২৪ ঘন্টাত দুটা এনকাউন্টাৰ হোৱাৰ পিছতো পুনৰ এনে কাম কৰিবলৈ কিয় সাহস কৰিলে । এনেবোৰ ঘটনাই ভৱিষ্যতে নাৰীক কিদৰে সুৰক্ষা দিব সেয়াহে লক্ষণীয় হ’ব ।