গুৱাহাটী মহানগৰীত বসবাস কৰি অহা একাংশ লোকে গৃহ নিৰ্মাণৰ সময়ত গৃহ নিৰ্মাণ বিধি বা প্ৰচলিত আইন ভংগ কৰি অট্টালিকা নিৰ্মাণ কৰি আহিছে। এনেকৈ অবৈধ ভাৱে অট্টালিকা বা গৃহ নিৰ্মাণ কৰাৰ ফলত সাধাৰণ নাগৰিকৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে চৰকাৰ বা পৌৰ নিগমে বছৰি এক বুজন পৰিমাণৰ ৰাজহ হেৰুৱাব লগা হৈছে।
আনহাতে গুৱাহাটীৰ আন অঞ্চলৰ দৰে উত্তৰ জালুকবাৰী অঞ্চলত তেনেকৈ আইন ভংগ কৰি ইছাহক আলী নামৰ এজন লোকে অট্টালিকা নিৰ্মাণ কৰাৰ বিৰুদ্ধে শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগমক লিখিত অভিযোগ দাখিল কৰিছে স্থানীয় বাসিন্দা আবুল আলীয়ে। ২২ জুনত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক দাখিল কৰা অভিযোগ অনুসৰি ইছাহক আলী নামৰ লোকজনে গুৱাহাটী ৰাজহ চক্ৰৰ জালুকবাৰী মৌজাৰ গড়পাণ্ডু কুমাৰপাৰা ৰাজহ গাঁওৰ ৪০৯ নং দাগৰ কে পি পট্টা নং ৩৮১ৰ উত্তৰ জালুকবাৰীত তিনি মহলীয়া অট্টালিকা নির্মাণ কৰাৰ সময়ত সম্পূৰ্ণ ভাবে আইন ভংগ কৰিছে।
বিশেষকৈ গৃহ নিৰ্মাণ কৰাৰ সময়ত সীমাৰ ফালে প্ৰয়োজনীয় ঠাই এৰি দিয়াৰ বিপৰীতে একেবাৰে সীমাৰ পৰাই গৃহ নিৰ্মাণ কৰিছে। ফলত বৰষুণ এজাক দিলে ইছাহক আলীৰ ঘৰৰ পানী আবুল আলীৰ ঘৰত পৰে। আনকি ইছাহক আলীৰ অট্টালিকাৰ পৰা পোনপটীয়াকৈ পানী বাধাহীন ভাবে পৰাৰ ফলত আবুল আলীৰ অসম আৰ্হিৰ এটা গৃহ সম্পূৰ্ণ ভাবে নষ্ট হৈ যায়। যাৰ বাবে আবুল আলীয়ে পৌৰ নিগমৰ আয়ুক্তক দাখিল কৰা অভিযোগ পত্ৰত শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থতে তেওঁক ন্যায় দিবলৈ অনুৰোধ জনায় ইয়াৰ এটা প্ৰতিলিপি গুৱাহাটী মহানগৰ উন্নয়ন নিগমৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ প্ৰেৰণ কৰিছে। অৱশ্যে অভিযোগ লাভ কৰাৰ পাছত নিগমে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হব।