আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস উপলক্ষে জিএমচিএইচৰ ধাত্ৰী কোষৰ উদ্যোগত ব্যতিক্ৰমী কাৰ্যসূচী পালন কৰা হয়। এই উপলক্ষে দেওবাৰে জিএমচিএইছ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক মনোজ্ঞ অনুষ্ঠানত অধ্যক্ষ ডা° অচ্যুৎ চন্দ্ৰ বৈশ্যই ধাত্ৰীসকলে একান্ত নিষ্ঠা, একাগ্ৰতা আৰু সেৱাৰ মনোভাৱেৰে ৰোগীৰ শুশ্ৰূষাত ব্ৰতী হৈ থাকি সমাজলৈ আগবঢ়োৱা অবদানৰ কথা উল্লেখ কৰি বক্তব্য আগবঢ়াই ৷ ডাঃ জয়ন্ত গোস্বামীয়ে ধাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ মাজেৰে ৰোগীক শাৰীৰিক-মানসিক দুয়োটা ক্ষেত্ৰতে চিকিৎসা আগবঢ়াবলৈ কৰা প্ৰচেষ্টা উল্লেখনীয় বুলি মন্তব্য কৰে। ডাঃ যুতিকা ওজা, ডাঃ মালবিকা ৰ্বমন আদি ভালেকেইগৰাকী বিশিষ্ট চিকিৎসক, ব্যক্তি অনুষ্ঠানত উপস্থিত থাকি চিকিৎসাক্ষেত্ৰৰ হৃদপিণ্ডস্বৰূপ ধাত্ৰীসকলক অভিনন্দন জনায়।
অনুষ্ঠানৰ মাজতে ধাত্ৰী চন্দামিতা বৰ্মনৰ মুখ্য সম্পাদনা আৰু পাপৰি শইকীয়াৰ সম্পাদনাত জিএমচিএইছৰ ধাত্ৰীসকলে প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰি উলিওৱা স্মৰণিকা “নাইটিংগেল” উন্মোচন কৰে বিশিষ্ট উপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্য আৰু কবি ড° বিজয় শংকৰ বৰ্মনে। মেট্ৰন ছন্দিতা বৰুৱা আৰু মেট্ৰন অঞ্জলি নাথৰ লগতে কেইবাশতাধিক ধাত্ৰীৰ উৎসাহ-উদ্দিপনাৰে মুখৰিত প্ৰেক্ষাগৃহত স্মৰণিকা উন্মোচন কৰি উন্মোচক ভট্টাচাৰ্যই ধাত্ৰীসকলে ৰোগীৰ প্ৰতি সদায় এক সমৰ্পিত সেৱা আগবঢ়াই সমাজলৈ নিৰবে অৱদান আগবঢ়াই অহা বুলি মন্তব্য কৰে । কবি বিজয় শংকৰ বৰ্মনেও বক্তব্য আগবঢ়োৱা স্মৰণিকা উন্মোচনী অনুষ্ঠানৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱসৰ সাংস্কৃতিক অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি সাংবাদিক-লেখক ৰক্তাভ জ্যোতি বৰায়ো বক্তব্য আগবঢ়ায়।