অসমীয়া চলচ্চিত্ৰ, ৱেব ছিৰিজ, বিভিন্ন আকৰ্ষণীয় শ্ব’ৰ অপূৰ্ব সম্ভাৰেৰে আজি আনুষ্ঠানিকভাৱে মুকলি হ’ল নতুন অ’টিটি প্লেটফৰ্ম ৰীলড্ৰামা।
২২ জানুৱাৰীৰ পৰা তাৰকা সমৃদ্ধ বিভিন্ন মনোৰঞ্জনমূলক চিত্ৰসম্ভাৰেৰে উপলব্ধ হ’ব এই ৰীলড্ৰামা।
চেলিব্ৰেট আছাম ৱিথ ৰীলড্ৰামা শীৰ্ষক আকৰ্ষণীয় টেগলাইনেৰে আৰম্ভ হোৱা এই অ’টিটি প্লেটফৰ্মৰ দ্বাৰা প্ৰতিগৰাকী অসমীয়া দৰ্শকক আমোদ দিয়াৰ পূৰ্ণ প্ৰয়াস কৰা হ’ব।
বৃহস্পতিবাৰে গুৱাহাটীত আয়োজিত এই আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানত অসমীয়া ছবিজগতৰ একাধিক চিনাকি মুখৰ উপস্থিতিত এই ৰীলড্ৰামা উদ্বোধন কৰা হয়।
এই অনবদ্য ব্যৱস্থা মুকলি কৰি ৰীলড্ৰামাৰ সঞ্চালক সুমিত দাসগুপ্তাই কয় যে, ‘ৰীলড্ৰামাই অসমৰ সাংস্কৃতিক আপোনাৰ ঘৰলৈ, আপোনাৰ কাষলৈ লৈ আহিব।
ইয়াত থাকিব বিভিন্ন কাহিনী, শ্ব’, সংগীতানুষ্ঠান আৰু বাৰ্তালাপ, যিয়ে সামৰি ল’ব কলা, সংস্কৃতি, ইতিহাস, সাহিত্য, লোককৃষ্টি আৰু অসমীয়া চিনেমা। মুঠতে ৰীলড্ৰামাই সকলোধৰণৰ দৰ্শকৰে প্ৰয়োজন পূৰণ কৰিবলৈ সক্ষম হ’ব।’
ৰীলড্ৰামাত উপলব্ধ হ’ব সমসাময়িক বিভিন্ন চলচ্চিত্ৰ, পুৰণি ধ্ৰুপদী ছবি আৰু বিভিন্ন পুৰস্কাৰ বিজয়ী ছবি।
ইয়াৰোপৰি বিভিন্ন বিভিন্ন স্বাদৰ ৱেব ছিৰিজো উপলব্ধ হ’ব ইয়াত। প্লেটফৰ্মটোত সংগীত, কমেডী, পয়েট্ৰি, কুকেৰি আৰু আধ্যাত্মিক অনুষ্ঠানো চাবলৈ পাব দৰ্শকে।
আনকি এই প্লেটফৰ্মযোগে ছবি নিৰ্মাণ বা হিন্দুস্তানী ক্লাছিকেল সংগীতৰ প্ৰশিক্ষণো ল’ব পাৰিব নিজৰ ভাষাতে।
অনাগত সময়ছোৱাত আন ন ন শৈক্ষিক শৃংখলাও ইয়াত সংযোজন ঘটোৱা হ’ব বুলি জনাইছে সঞ্চালক দাসগুপ্তাই।
ইফালে আন এগৰাকী সঞ্চালিকা কুহেলী দাসগুপ্তাই কয়, ‘অসমীয়া দৰ্শকসকলে ভাল ছবি চাবলৈ ৰৈ থাকে আৰু ইয়াৰ বাবে তেওঁলোকে সদায়েই চিত্ৰগৃহলৈহে যাবলগীয়া হয়।
এতিয়াৰে পৰা তেওঁলোকৰ এই প্ৰয়োজনীয়তা দূৰ কৰিব ৰীলড্ৰামাই।’
উল্লেখ্য যে দৰ্শকসকলে ৰীলড্ৰামাৰ ৱেবছাইচট www.reeldrama.comলৈ গৈ অথবা গুগল প্লে’ষ্টোৰ আৰু এপল এপ ষ্টোৰলৈ গৈও ডাউনলোড কৰিব পাৰে।
শীঘ্ৰেই ৰীলড্ৰামা এপ এপল টিভি, এনড্ৰয়ড টিভি, এমাজন ফায়াৰষ্টিক আৰু ৰোকুতো উপলব্ধ হ’ব। তদুপৰি ৰীলড্ৰামা বিশ্বৰ ১৩৩খন দেশতো উপলব্ধ হ’ব।
Photo: Headline8