নিউজ ডেস্কঃ ২২ ডিচেম্বৰত হৈ যোৱা মন্ত্রী পৰিষদৰ বৈঠকে ৰাষ্ট্রীয় স্বাস্থ্য মিছনত কর্মৰত কর্মচাৰীসকলৰ বাবে কঢ়িয়াই আনিছে সুখবৰ ৷ সকলো কর্মচাৰীৰ চাকৰি ৬০ বছৰলৈ নিশ্চিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰে লগতে এই বৈঠকতে সর্বশিক্ষা অভিযানৰ আর্হিৰে প্রতিগৰাকী কর্মচাৰীক আর্জিত ছুটীসহ ৬০ বছৰ বয়সলৈ চাকৰিকাল বৃদ্ধিত অনুমোদন জনোৱা হয় ৷ আনহাতে বড়ো ভাষাকো চৰকাৰী সহযোগী ভাষা ৰূপে স্বীকৃতি দিয়া হয় ৷ অসমমালা প্রকল্প আৰু বহিঃসাহায্যপ্রাপ্ত প্রকল্পসমূহৰ অধীনত ৰাজ্যিক ঘাইপথ আৰু জিলাসমূহৰ প্রধান পথসমূহৰ মেৰামতি তথা নির্মাণৰ বাবে ভূমি অধিগ্রহণৰ ক্ষেত্রত থকা জটিলতা আঁতৰোৱাৰ বাবে ভূমিৰ গৰাকীৰ পৰা বিভাগে পোনপটীয়াকৈ ভূমি ক্রয়ত অনুমোদন জনায়৷
ইয়াৰ উপৰিও মন্ত্রী পৰিষদৰ বৈঠকত সমাজ কল্যাণ সঞ্চালকালয়ক দুটা ভাগত বিভক্ত কৰি মহিলা আৰু শিশু উন্নয়ন সঞ্চালকালয় আৰু সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয় গঠনত অনুমোদন জনায়৷ বৈঠকে আৰ আই ডি এফৰ ক্ষেত্রত নাবার্ডৰ পৰা ৯১ কোটি টকাৰ ঋণ গ্রহণত অনুমোদন জনায়৷