নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণৰ বাবে এক বৃহৎ সকাহ আগবঢ়াইছে ৰাজ্য চৰকাৰে ।
হ্ৰাস কৰিছে ঘৰুৱা আৰু বাণিজ্যিক বিদ্যুতৰ মাচুল ।
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ ।
ঘৰুৱা আৰু বাণিজ্যিক বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত ২০ পইচাকৈ হ্ৰাস কৰাৰ লগতে অনান্য ক্ষেত্ৰতো ১৫ পইচাকৈ ৰেহাই দিছে মাচুল ।
অসম বিদ্যুৎ নিয়ামক আয়োগে সোমবাৰে এক জাননী যোগে প্ৰকাশ কৰিছে এই কথা ।
অৱশ্যে নতুন নিৰিখত স্থিৰ মাচুলৰ কোনোধৰণৰ সালসলনি নহয় ।
উল্লেখ্য, শেহতীয়া কেবিনেট বৈঠকত জানুৱাৰীৰ পৰা মাৰ্চ পৰ্যন্ত প্ৰতিটো পৰিয়ালক ৩০ ইউনিটকৈ বিদ্যুৎ ৰেহাইৰ ঘোষণা কৰিছে ।
ইয়াৰ পিছত এপ্ৰিলৰ পৰা বিদ্যুতৰ মাচুল হ্ৰাসৰ ঘোষণা ৰাজ্যবাসীৰ বাবে এক বৃহৎ সকাহ হিচাপে বিবেচিত হৈছে ।
As per today’s AERC notification, a new set of tariff rules have been defined, with reduction in electricity tariffs, effective from 1st April, 2021. @FINERIndia @FollowCII @Indiantea1881 pic.twitter.com/d5rFGE0Z1p
— Kumar Sanjay Krishna (@KrSanjayKrishna) February 15, 2021