নিউজ ডেস্কঃ অসমৰ যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ হিচাপে নিযুক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত সৃষ্টি হোৱা ক্ষোভৰ উত্তৰ দি তেওঁ কয় যে যুৱপ্ৰজন্মক খেতিৰ প্ৰতি আগুৱাই নিবলৈ হে খেতিৰ কামত লাগিছো। মোক ৰাইজে সন্দেহ কৰিব নালাগে। মই কেতিয়াও চৰকাৰী ব্ৰেণ্ড এম্বেচেদৰ নহও৷
তাৰোপৰি, শেহতীয়াকৈ শিল্পীসকলে ৰাজনৈতিক দলসমূহত যোগদান কৰা সন্দৰ্ভত তেওঁ এইদৰে কয়, শিল্পী সকলে ৰাজনৈতিক দলত যোগদান কৰাটো তেওঁলোকৰ ব্যক্তিগত কথা৷ তাত মোৰ কব লগীয়া একো নাই৷
মই নিঃস্বাৰ্থ ভাবে কা আন্দোলনত লাগিছিলো আৰু সদায় লাগি যাম। কা আন্দোলনৰ কথা আহিলে মই আকৌ প্ৰতিবাদ কৰিম। ফুটবল দলত এইবাৰ নতুন মানুহ লম৷