তিনিচুকীয়া জিলাৰ লাইকা-দধিয়াৰ জনজাতি ৰাইজে নিজৰ ভূমি আৰু সংস্থাপনৰ বাবে এমাহতকৈ বেছি সময় ধৰি অব্যাহত থকা প্ৰতিবাদৰ সমাধান বৰ্তমানেও ওলোৱা নাই কিন্তু তাৰ মাজতে বিজেপিয়ে দিলে নিৰ্বাচনী টোপ।
নিদিলে মাটি, নিদিলে সংস্থাপন; দিলে মাথো ভূমিহীন পৰিয়ালক ১ লাখ টকাকৈ।
শনিবাৰে লাইকা দধিয়াৰ ১৩০০ ভূমিহীন পৰিয়ালৰ বাবে ১ লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
মৰিগাঁৱৰ নেলীত অনুষ্ঠিত সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৮তম ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
লাইকা-দধিয়াত বান বিধ্বস্ত লোকসকলক পুনৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰটো আমি পদক্ষেপ গ্ৰহণৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে।
অস্থায়ীভাৱে ঘৰ নিৰ্মাণ বা আন যি প্ৰয়োজনীয়তাৰ ওপৰত লক্ষ্য কৰি ১ লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Our Govt has taken measures for permanent rehabilitation of the indigenous people of Laika – Dodhia. Around 1,300 affected families will be provided Rs 1 lakh each by the Govt, the CM announced. pic.twitter.com/ZPJ0DlGgze
— Chief Minister Assam (@CMOfficeAssam) January 30, 2021
১৩০০ লোকৰ বাবে ১৩ কোটি টকা ব্যয় কৰিম বুলিও ঘোষণা কৰে।
কিন্তু উল্লেখযোগ্য কথাটো হ’ল যে ভূমিহীন পৰিয়ালক মাটি প্ৰদান নকৰি, সংস্থাপন প্ৰদান নকৰি কিয় অস্থায়ী সমাধানেৰে ভুক্তভোগী লোকসকলক টোপ দিলে চৰকাৰে।
লগতে গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, ২০১৭তে জনশিমলুবাসীক উচ্ছেদ কৰাসকল এতিয়া ক’ত গ’ল?
কিয় এতিয়াও তেওঁলোকক প্ৰদান কৰা হোৱা নাই ভূমি। চৰকাৰৰ বাবে পাহৰণিৰ গৰ্ভত উচ্ছেদিত লোকসকল।
Photo: Twitter