নিউজ ডেস্কঃ সমগ্র দেশৰ লগতে অসমতো ক’ৰোনাৰ ভয়াৱহতা এতিয়াও অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা অহা ৩০ ছেপ্টেম্বৰলৈকে ৰাজ্য চৰকাৰে দৈনিক এক লাখ লোকৰ নমুনা পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷ সেই অনুসৰি কামৰূপ মেট্র’ জিলাতো ব্যাপক পৰীক্ষণৰ কার্যসূচী হাতত লৈছে৷ আজিৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে গুৱাহাটী মহানগৰীত শৈক্ষিক প্রতিষ্ঠানকে ধৰি সকলো চৰকাৰী কার্যালয়, কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ৰাজহুৱা প্রতিষ্ঠান, দোকান, ব্যৱসায়িক প্রতিষ্ঠান, শ্বপিং মল, ৱেৰ হাউছ, আৱাসিক অট্টালিকা, চৰকাৰী–বেচৰকাৰী কার্যালয় আৰু প্রতিষ্ঠানত ৰেপিড এণ্টিজেন আৰু আৰ টি পি চি আৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে বুলি জিলা প্রশাসনে এক জাননীযোগে প্রকাশ কৰিছে৷