গুৱাহাটীঃ দিনে দিনে গুৱাহাটীত বৃদ্ধি হোৱা ক’ৰোনাৰ ভয়াৱহতাই কেৱল মহানগৰবাসীকে ত্ৰস্তমান কৰি তোলাই নহয়, বৰঞ্চ পাৰ্শ্বৱৰ্তী জিলাৰ বাসিন্দাসকলকো ভীতিগ্ৰস্ত কৰি তুলিছে৷ এই পৰ্যন্ত নলবাৰী, বৰপেটা, দৰং, কোকৰাঝাৰ, দক্ষিণ শালমাৰা, নগাঁও, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথ, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাকে ধৰি ১২খন জিলাই গুৱাহাটীলৈ লোকসকলৰ যাতায়াতত নিষেধাজ্ঞা জাৰি কৰিছে৷
উল্লেখযোগ্য যে গুৱাহাটীত মহামাৰীৰ ৰূপ ধাৰণা কৰা কৰ’নাৰ সংক্রমণৰ পাছত লকডাউন ঘোষণা কৰাত বহু লোক ৰাজ্যৰ বিভিন্ন জিলাত নিজ নিজ ঘৰলৈ ঢাপলি মেলিছিল৷ তাৰ পাছতে ৰাজ্যৰ জিলাই জিলাই গুৱাহাটীৰপৰা যোৱা লোকে সংক্রমণ বৃদ্ধি কৰাত এতিয়া এই নিষেধাজ্ঞা জাৰি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷
আনকি এই জিলাকেইখনৰ চৰকাৰী চাকৰিয়ালৰ ক্ষেত্রতো গুৱাহাটীলৈ অহা-যোৱাত বাধা নিষেধ আৰোপ কৰা হৈছে৷ একাধিক জিলাই এই নিষেধাজ্ঞা অমান্য কৰা লোকক দুযোর্গ ব্যৱস্থাপনা আইনৰ অধীনত ব্যৱস্থা গ্রহণ কৰাৰ কথাও ঘোষণা কৰিছে৷ আনহাতে শোণিতপুৰ, শিৱসাগৰ আৰু ডিব্রুগড় জিলাই এই নিষেধাজ্ঞাৰ সৈতে গুৱাহাটীৰ লোক জৰুৰী কামত গ’লে কোৱাৰেণ্টাইন কৰাৰ পদক্ষেপ গ্রহণ কৰিছে৷