কোনে কয় ছবিয়ে কথা নকয়, ছবিয়ে যে কথা কয় সেয়া আপোনালোকে দেখিলে বুজিব।
ফটোকেইখনত দেখিছেনে ফুটপাথত বহি থকা এগৰাকী ১০/১২ বছৰীয়া কিশোৰী আৰু তাইৰ লগত আছে এগৰাকী ২৫/৩০ বছৰীয়া মহিলা সম্ভৱ মাতৃয়েই হ’ব।
আমি সম্ভৱ মাতৃ বুলি কোৱাৰো কাৰণ আছে! সেয়া পিছলৈ আপোনালোকে নিজে বুজিব।
এখন সদাব্যস্ত স্থান। মহানগৰীৰ পাণবজাৰস্থিত শুক্ৰেশ্বৰ ঘাট। তাৰ সমীপৰে এইটো ফুটপাথ।
যিটো ফুটপাথত প্ৰায় সংখ্যক ভিক্ষাৰীয়ে শুই-বহি-ভিক্ষা খুজি দিন কটাই, নিজৰ পেট ভৰায়।
সেই ফুটপাথটোৰে আহোতাই আহে যাওতাই যায়। কিন্তু কোনে মন কৰে এইসকল লোকক। কিন্তু আজিৰ এটা দৃশ্যই আপোনাৰো মনতো বহু প্ৰশ্ন উত্থাপন কৰিব। কাৰণ…
এই যে ওপৰত ক’লো এগৰাকী কিশোৰী আৰু এগৰাকী মহিলাৰ কথা তেওঁলোকে হয়টো সদায়ে এই ঘটনাৰ সন্মুখীন হয় কিন্তু আজিৰ দিনটোত আমাৰ এই দৃশ্য চকুত পৰাটো খুবেই নিন্দনীয়।
মাতৃ আৰু কন্যাই এনেকৈ প্ৰতিদিনে ফুটপাথত পৰি থাকে আৰু তেওঁলোকৰ কাষেৰে পাৰ হৈ যোৱা লোকে সেয়া জুৱাৰীয়েই হওক বা সুৰাপায়ীয়েই হওক, দিয়ে তেওঁলোকক অনৰ্গল যৌনতাৰ প্ৰস্তাৱ।
কিশোৰীগৰাকীয়ে বুজি নাপায় কিয়নো বুজিব বয়সেনো কিমান?
কিন্তু মাতৃয়েই সকলো বুজি পায় কিন্তু কি কৰিব পেটৰ ভোক!
এয়া আমি কোৱা কথা নহয় সেয়া খোদ মাতৃয়ে মুখেৰে কয়, ‘এই টকা নাহিলে খাই কি?
এগৰাকী অসমৰ খ্যাতনামা চিত্ৰ পৰিচালকে তেওঁলোকৰ ওচৰতে ৰৈ এই দৃশ্যৰ সাক্ষী হৈছিল।
তেওঁ নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল, এজন লোকে মাতৃলৈ দিছিল টকাৰ প্ৰলোভন, কিয় জানেনে?
লোকজনক লাগে তাইৰ কন্যা, তাকো এনিশাৰ বাবে। সমগ্ৰ দৃশ্য দেখিছিল আৰু শুনিছিল এইগৰাকী চিত্ৰ পৰিচালকে।
তেওঁ মাতৃ-কন্যাৰ ফটো তুলিবলৈ ওলাইছিল যাৰ বাবে মাতৃয়ে প্ৰথমে ঢাকিছিল কন্যাক পিছত নিজকেও ঢাকি লৈছিল আৰু কম্বলৰ ভিতৰৰ পৰা ভুৰভুৰাইছিল, ‘ফটো নুতুলিবি, এই টকা নাহিলে খাই কি?
এতিয়া আপোনালোকে বিচাৰ কৰক যে এগৰাকী মাতৃ হিচাপে কন্যাক নিৰাপত্তা দিয়াৰ বিপৰীতে অচিনাকী লোকৰ হাতত নিশা কটাবলৈ গতাই দিয়াটো উচিত নে অনুচিত?
দাৰিদ্ৰতাৰ ওচৰত হাৰ মানি নিজৰ সন্তানক দেহোপজিনীৰ পেছালৈ ঠেলি দিয়াটো সঁচাকৈ আমাৰ সমাজৰ বাবে অতিশয় দুখঃজনক ঘটনা।
এই মাতৃ-কন্যাক কোনোবাই উদ্ধাৰৰ ব্যৱস্থা কৰিবনে? Headline8ৰ তৰফৰ পৰা এই আহ্বান ৰাইজলৈ।
Photo: Headline8