ভাৰতত বৃদ্ধি হোৱা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হ’বলৈ ধৰিছে ক’ৰোনাৰ সৈতে জড়িত কিছুমান ভুৱা খবৰ।
এনে এক পোষ্ট ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছে।
ভাইৰেল পোষ্টটোত দাবী কৰা হৈছে যে, নিমখৰ সৈতে পিঁয়াজ খালে ১৫ মিনিটৰ ভিতৰতে ক’ৰোনাত পজিটিভ লোকৰ নিগেটিভ ওলাব।
Headline8ৰ অনুসন্ধানত ভাইৰেল হোৱা পোষ্টটো ভুৱা ওলাল।
ভাইৰেল পোষ্ট
ফেচবুক ইউজাৰ হকিম পুজাৰাই এটা পোষ্ট শ্বেয়াৰ কৰে, য’ত লিখা আছিল- ‘ক’লা নিমখৰ সৈতে কেঁচা পিঁয়াজ এৰাই খালে ১৫ মিনিটৰ পিছত ক’ৰোনাত পজিটিভ লোক নিগেটিভ হোৱা কথাটো একেবাৰে সত্য,
আপুনিও কৰিও চওক…ক’ৰোনা থাকক বা নাথাকক কেঁচা পিঁয়াজত ক’লা নিমখ লগোৱাই প্ৰতিদিনে খালে ভাইৰাছ ডিঙিতেই নাশ হ’ব…আপুনি উপকৃত হ’লে সকলোকে শ্বেয়াৰ কৰক।’
এই পোষ্টটোৰ Archive সংস্কৰণ তলত দিয়া হৈছে
অনুসন্ধান
হেডলাইন ৮য়ে এই দাবীৰ অনুসন্ধান কৰিবলৈ পৰিয়াল তথা স্বাস্থ্য কল্যাণ মন্ত্ৰালয় আৰু বিশ্ব স্বাস্থ্য সংগঠন(WHO)ৰ অফিচিয়েল ৱেবছাইট খুলি চালে।
আমি পিঁয়াজ আৰু নিমখৰ সৈতে জড়িত প্ৰভাৱৰ বিষয়ে জানিব বিচাৰিলো, কিন্তু ইয়াৰ সৈতে জড়িত কোনো তথ্য লাভ নকৰিলো।
হেডলাইন ৮য়ে এই সম্বন্ধত চিকিৎসক কৌশিক কটকীৰ সৈতে কথা পাতে।
তেওঁ এই দাবী সম্পূৰ্ণৰূপে নাকচ কৰে।
আমেৰিকাৰ নেচনেল অনিয়ন এছ’ছিয়েচনৰ অনুসৰি,
ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই যে, কাটি থোৱা কেঁচা পিঁয়াজ কীটাণু আৰু বিষাক্ততা শেষ কৰে।
১৫০০ শতাব্দীৰ সময়ত এইটো লোকবিশ্বাস আছিল যে, কোঠাৰ ভিতৰত কাটি থোৱা পিঁয়াজ ৰাখিলে বুবোনিক প্লেগৰ পৰা ৰক্ষা পাব পাৰি।
কীটাণুৰ সন্ধান উলিওৱাৰ পূৰ্বে এই লোকবিশ্বাস আছিল যে, সংক্ৰমিত ৰোগ স্পৰ্শ কৰিলে বা বিষাক্ত বতাহেৰে বিয়পে।
অনিয়ন এছ’ছিয়েচনৰ এই তথ্য ইয়াত দেখিবলৈ পোৱা গৈছে।
health-desk.orgৰ অনুসৰি, নহৰু আৰু পিঁয়াজ এখন পৰিয়ালৰে সদস্য।
নহৰুৰ দৰে পিঁয়াজকো Antimicrobial and anti-inflammatory গুণৰ বাবে জনা যায়।
কিন্তু ইয়াক লৈ অধ্যয়ন যথেষ্ট সীমিত। এনে কোনো তথ্য পোহৰলৈ অহা নাই যে, ক’ভিড-১৯ৰ চিকিৎসাৰ বাবে পিঁয়াজক মূল্যাংকন কৰা হোৱা নাই।
ক’ৰোনাৰ পৰা ৰক্ষা পাবলৈ নিজৰ হাত দুখন স্বচ্ছ ৰাখক, মাস্ক পৰিধান কৰক আৰু সামাজিক দূৰত্ব বজাই ৰাখক।
হেডলাইন ৮য়ে এই পোষ্টটো শ্বেয়াৰ কৰা ফেচবুক ইউজাৰ হকীম পুজাৰাৰ প্ৰফাইল স্কেন কৰিলে। এই প্ৰফাইলটোৰ ১৩০০তকৈ অধিক ফলোৱাৰ্ছ আছে।
ফলাফলঃ পিঁয়াজ আৰু নিমখ সেৱন কৰিলে ১৫ মিনিটত ক’ৰোনা ভাইৰাছ ৰোগী ঠিক হোৱাৰ দাবী মিছা।
Photo: Facebook