হেডলাইন৮ ব্যুৰ’ ৯ আগষ্ট : আগন্তুক বিটিএডি নিৰ্বাচনক লৈ প্ৰমোদ বড়োৰ ইউ পিপি এল আৰু শাসনাধিষ্ঠ বিজেপি দলে যিমানে গোপন বুজাপৰা নকৰক কিয় নিৰ্বাচনত বিজয়ৰ শেষ হাঁহি মাৰিব গণ সুৰক্ষা পাৰ্টি , সন্মিলিত জনগোষ্ঠীয় সংগ্ৰাম সমিতি আৰু অবড়ো সুৰক্ষা সমিতিকে ধৰি সন্মিলিত শক্তিহে । এই দাবী সাংসদ নৱ কুমাৰ শৰণীয়াৰ।
এক বাৰ্তালাপত সাংসদ শৰণীয়াই কয় যে – বিটিএডিৰ ক্ষমতা দখলক লৈ নতুন দিল্লীত বিজেপি দলৰ সৈতে প্ৰমোদ বড়োৰ ইউ পি পি এল দলৰ গোপন বুজাপৰা ইতিমধ্যে সম্পন্ন হৈছে । এই গোপন বুজাপৰাৰ জৰিয়তে বিজেপি দলে ইউ পি পি এলৰ গাত ভেজা দি বি টি এ ডি ৰ ক্ষমতা দখলৰ সপোন দেখিছে যদিও বিজেপিৰ সপোন সপোন হৈয়ে থাকিব । কিয়নো বিগত নিৰ্বাচনত সাতটা সমষ্টি দখল কৰা ইউ পি পি এল দলে এইবাৰ পাঁচখনতকৈ অধিক আসন কোনো কাৰণতে লাভ নকৰে ।
বিজেপি ইউ পি পি এলৰ গোপন মিত্ৰতাক পৰিষদৰ অধীনৰ বড়ো ৰাইজে মানি লব পৰা নাই বুলি উল্লেখ কৰি সাংসদ শৰণীয়াই প্ৰমোদ বড়োক সুবিধাবাদী নেতাৰ আখ্যা দিয়ে ।তেও আৰু কয় যে প্ৰমোদ বড়ো অকল সুবিধাবাদী নেতাই নহ’য় অজনজাতি বিৰোধী নেতাও । বিটিএডি এলেকাত যুগ যূগ ধৰি বসবাস কৰি অহা অজনজাতিৰ উন্নতি নিবিচাৰে প্ৰমোদ বড়োৱে । এবছুৰ সভাপতি হৈ থাকোতে প্ৰমোদ বড়োৱে গ্ৰহণ কৰা অজনজাতি বিৰোধী কাম কাজেই ইয়াৰ প্ৰমাণ । এতিয়া এইজন প্ৰমোদ বড়োৱে ভোটৰ স্বাৰ্থত অবড়ো ৰাইজৰ সৰ্বাংগীন বিকাশৰ প্ৰতিশ্ৰুতি দিয়াটো চৰম হাস্যকৰ বুলিও সাংসদ গৰাকীয়ে উল্লেখ কৰে।
ইফালে বিভিন্ন অনিয়ম, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ মাজেৰে বিগত ১৭ বছৰ ধৰি পৰিষদৰ শাসন চলোৱা হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ প্ৰতিও ৰাইজে আস্থা হেৰুৱাই পেলোৱাৰ দোহাই দি তেও আৰু কয় – সুস্থ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত হলে হাগ্ৰামাৰ দলে এইবাৰ নিৰ্বাচনত দুখন বা তিনিখনহে আসন লাভ কৰিব । ৰাইজে প্ৰত্যাখান কৰাৰ পাছতো হাগ্ৰামাই পৰিষদত পুনৰ চৰকাৰ গঠন কৰিম বুলি আশা পালি থকাতো আকাশত চাং পতাৰ লেখীয়া। বিটিএডিত শান্তিপূৰ্ণ ভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীক ব্যাপক অভিযান চলোৱাৰ দাবী জনাই সাংসদ শৰণীয়াই কয় যে শান্তিপূৰ্ণ নিৰ্বাচন হ’লে তেওৰ দলে ৩০ খনতকৈ অধিক আসন লাভ কৰাটো নিশ্চিত ।
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট