নিউজ ডেস্কঃ বি টি আৰৰ নির্বাচনত ১৭খন আসন লাভ কৰাৰ পাছতো বি পি এফ দলে চৰকাৰ গঠন কৰিব নোৱাৰিলে ৷ যাৰ ফলত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ প্রতি থকা ক্ষোভত চৰকাৰী সকলো নিৰাপত্তাৰক্ষী পৰিত্যাগ কৰিছে নেকি হাগ্ৰামাই ? উল্লেখ্য যে হাগ্রামা মহিলাৰীয়ে আজি তেওঁক প্রদান কৰা চৰকাৰী সকলো নিৰাপত্তাৰক্ষী স্বেচছাই প্রত্যাহাৰ কৰে ৷ ক্ষুব্ধ হাগ্রামাই বি টি এ ডি-ৰ আই জি পি অনুৰাগ আগৰৱালালৈ পত্র প্রেৰণ কৰি তেওঁক দিয়া ব্যক্তিগত দেহৰক্ষী, আৱাসিক গার্ড আৰু এছকর্ট প্রত্যাহাৰ কৰি কি বুজাব বিচাৰিছে হাগ্ৰামাই? মহিলাৰীয়ে পত্রত উল্লেখ কৰিছে যে (মেমো নং বি পি এফ কোকৰাঝাৰ২৫১-২০২০) তেওঁৰ সৈতে নিয়োজিত হৈ থকা গৃহৰক্ষী, ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু এছকর্ট বেটেলিয়ন পৰিত্যাগ কৰা হ’ল বুলি ৷
হঠাৎ হাগ্ৰামা মহিলাৰীয়ে চৰকাৰী নিৰাপত্তাৰক্ষী ত্যাগ কৰা সিদ্ধান্তই বিটিআৰ-ত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷