নিউজ ডেস্কঃ আজি বিটিচিত নতুন পৰিষদে শপত গ্ৰহণৰ বিশাল অনুষ্ঠান আয়োজন কৰা হৈছে ৷ বিটিচিৰ নতুন মুখ্য কাৰ্যবাহী হিচাপে শপত ল’ব প্ৰমোদ বড়োৱে ৷ কোকৰাঝাৰৰ গ্ৰীন ফিল্ডত শপত গ্ৰহণৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ইয়াৰোপৰি আজি বিটিআৰৰ চাৰিখন জিলাত বন্ধ ঘোষণা কৰা হৈছে ৷ অনুষ্ঠানলৈ আহিব চাৰিওখন জিলাৰ জনতা ৷ নতুন মুৰব্বীক আদৰাৰ বাবে উখল-মাখল হৈ পৰিছে কোকৰাঝাৰ জিলাৰ জনসাধাৰণ৷ আনহাতে পৰিষদৰ আন ৫ গৰাকী সদস্যইও আজি শপত ল’ব৷
উল্লেখযোগ্য যে মহানগৰীৰ হোটেল লিলিৰ পৰা এ.এছ.টি.চি তিনিখনকৈ মাৰ্চিডিছ বাছত পাৰিষদকসকলক কোকৰাঝাৰ অভিমুখে লৈ যোৱা হৈছে ৷ লগতে দুজনকৈ এপিএছ বিষয়াৰ নিৰীক্ষণত গাড়ীত উঠোৱা হৈছিল পাৰিষদকসকলক