নিউজ ডেস্কঃ এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে এতিয়া তীৰ্থনগৰী হাজোক৷ দুই বন্ধুৰ সৈতে ফুৰিবলৈ গৈ অকাল মৃত্যুক সাৱটিলে মিতু মণি মালাকৰ নামৰ এজন যুৱকে। ড্ৰাগছৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ কৰিছে পৰিয়ালে। হাজোৰ প্ৰশান্তি পৰ্যটন নিগমৰ ভৱনৰ সমীপত থকা বৰাহটোলা শ্মশানঘাটত নিশা মূমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰা হয় মিতু মণিক। সংকটজনক অৱস্থাত জিএমচিএইচলৈ নিয়া হয় যদিও আদবাটতে মৃত্যু হয় মিতু মণিৰ। পৰিয়ালে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে। উল্লেখ্য, নিতুমণিক হত্যা কৰা আটাইকেইজন যুৱক ড্ৰাগচ আসক্ত বুলি সন্দেহ কৰা হৈছে। হাজোত এতিয়া ড্ৰাগচৰ অগাধ প্ৰচলনে যুৱ সমাজক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। হাজোত চৌদিশে ড্ৰাগচৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। আনহাতে হাজো আৰক্ষীক ঘটনাৰ উচিত তদন্ত দাবী কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে।