নিউজ ডেস্কঃ ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান অব্যাহত আছে হাজো আৰক্ষীৰ। এটাৰ পাছত আনটো অভিযানত আৰক্ষীয়ে জব্দ কৰিছে লাখ লাখ টকাৰ মাৰাত্মক ড্ৰাগছ। হাজোৰ শনিয়াদীত বৃহস্পতিবাৰে আৰক্ষীৰ অতৰ্কিতে অভিযান চলায়। এই অভিযানকালত হাজো আৰক্ষীৰ জালত পৰে ম’ষ্ট ৱানটেড ড্ৰাগছ মাফিয়া মতিউৰ ৰহমান ওৰফে মতি। মতিৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৬৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ লগতে নগদ ৩১ হাজাৰ ২০০ টকা। আৰক্ষীৰ জেৰাত মতিয়ে জালুকবাৰীৰ ৰিজুৰ পৰা পোনপটীয়াকৈ ড্ৰাগছ ক্ৰয় কৰে বুলি বিস্ফোৰক স্বীকাৰোক্তি দিয়ে । হাজোৰ বহু ল’ৰাই সেৱন কৰে ড্ৰাগছ। উল্লেখ্য যে, ২ নৱেম্বৰ তাৰিখে মাৰাত্মক ড্ৰাগছৰ বাবেই প্ৰাণ গৈছিল হাজোৰ মিতুমণি মালাকৰ নামৰ যুৱকজনৰ।
ম’ষ্ট ৱানটেড মতিক আটক কৰাৰ পাছতেই এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে হাজো আৰক্ষীয়ে।আৰক্ষীয়ে মতিৰ ঘৰৰ পৰা উদ্ধাৰ কৰা ড্ৰাগছ খিনিৰ মূল্য প্ৰায় ১ লাখ টকা।