“যোৱা দুমাহ পূৰ্বে তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙে কৰ্কট ৰোগ ফাউণ্ডেচন ‘ইউৱেকেন’ ৰ ফালৰ পৰা ‘মিছন ১০০ বেড’ ৰ প্ৰস্তাৱ উথ্থাপন কৰিছে”- এ.এম.চি.এইছ.ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক সঞ্জীৱ কাকতিয়ে জানিবলৈ দিয়ে।
প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙে এ এম চি এইছক ১০০ খন বিচনা দান কৰাৰ বিষয়ে জানিবলৈ হেডলাইন ৮ য়ে এ এম চি এইছৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক সঞ্জীৱ কাকতিৰ সৈতে যোগাযোগ কৰে।
হেডলাইন ৮ ৰ লৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত সঞ্জীৱ কাকতিয়ে জানিবলৈ দিয়ে, “কিছুমান কাৰিকৰী সমস্যাৰ বাবে আমি এই প্ৰক্ৰিয়াটো অব্যাহত ৰাখিবলৈ সক্ষম হোৱা নাছিলো। কিন্তু শেহতীয়াকৈ আমি প্ৰস্তাৱ পত্ৰ খন পোৱাৰ পিছত আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনাৰ পিছত এই প্ৰস্তাৱটোৰ ওপৰত কাম কৰিবলৈ অপেক্ষা কৰি আছো।”
ইফালে, যুৱৰাজ সিঙৰ ছ’চিয়েল মিডিয়া একাউণ্ট আৰু তেওঁৰ কৰ্কট ৰোগ ফাউণ্ডেচনৰ ৱেবছাইটত এনে কোনো তথ্য প্ৰদান কৰা হোৱা নাই।
অৱশ্যে, ‘ইউৱেকেন’ ৱেবছাইট হেডলাইন ৮ ত, তেওঁৰ ফাউণ্ডেচনৰ ক’ভিড ৰিলিফ হিচাপে 1000 বিচনা ‘মিছন1000বেড’ প্ৰদান কৰাৰ তেওঁৰ প্ৰকল্পৰ বিৱৰণৰ বিষয়ে তথ্য পোৱা গৈছে। কিন্তু অসম চিকিৎসা মহাবিদ্যালয়ত এতিয়াও ১০০ খন বিচনা যোগান ধৰাৰ বিষয়ে কোনো তথ্য নাই।
তেওঁ লগতে জনায়, “ফাউণ্ডেশ্যনটোৱে প্ৰথম কিস্তিত ৫0 খন বিচনা প্ৰদান কৰিব। পেডিয়াট্ৰিক আই চি ইউৰ ১00 খন বিচনাৰ ভিতৰত, ২0 খন সম্পূৰ্ণ ভেণ্টিলেচন ইউনিটৰ, আৰু ৮0 খন অক্সিজেন উৎপন্ন বিচনা এ এম চি এইছৰ শিশু ৱাৰ্ডত স্থাপন কৰা হ’ব।”
বাতৰিটোৰ সত্যতা জানিবলৈ, হেডলাইন8-এ ‘মিছন100’ৰ প্ৰস্তাৱটোৰ ওপৰত ‘ইউৱেকেন’ ফাউণ্ডেশ্যনলৈ মেইল কৰিছে।