হেডলাইন৮ বিশেষঃ ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজ্যজুৰি অনলাইন অনুজ্ঞা পত্ৰৰ বাবে বিশেষ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছিল৷
১৫ অক্টোবৰ ২০২০ তাৰিখে এটা অবৈধ সুৰা ফেক্টৰী আবকাৰী বিভাগে উৎখাত কৰে। উল্লেখ্য, হেডলাইন ৮ৰ সাংবাদিকে দিয়া তথ্য অনুসৰিহে আপোনাৰ বিভাগে এই ফেক্টৰী উৎখাত কৰিছিল। ১৫ অক্টোবৰ তাৰিখে সোণাপুৰ আৰক্ষীয়ে এখন সুৰা ভৰ্তি ট্ৰাক জব্দ কৰাৰ পিছতে ট্ৰাকখনৰ মালিক দিগন্ত নেওগৰ প্ৰত্যক্ষ সংযোগ থকাৰ তথ্য হেডলাইন৮য়ে লাভ কৰে। সেই সূত্ৰৰ পম খেদিয়েই হেডলাইন৮ৰ সাংবাদিকে আবকাৰীৰ দল এটাৰ সৈতে এই ফেক্টৰীটো উৎখাত কৰে। কিন্তু ইয়াৰ পিছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম সাঙুৰি আজি একাংশ সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছে। এই বাতৰিবোৰৰ ভিত্তি কি আছিল সেয়া মন্ত্ৰী বৈদ্যৰ অৱগত নহয়৷ তেওঁৰ বিভাগে বিসংগতিপূৰ্ণ তথ্যৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই তথ্য প্ৰকাশ পাইছে৷
আবকাৰী বিভাগে কোনো অনুসন্ধান নকৰাকৈয়ে সংবাদ মাধ্যমলৈ বিজ্ঞপ্তি পঠায় যে জব্দ হোৱা সুৰাখিনি হিমালয়ান ডিষ্টিলেৰীৰ। কাৰণ সেই কুখ্যাত সুৰা মাফিয়া দিগন্ত নেওগৰ মালিকানাধীন বাহনৰ চালকৰ হাতত পোৱা গৈছিল এখন কেঁচা ৰচিদ। জব্দ কৰা ট্ৰাক খনৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছিল ছেণ্টিনেৰী ডিষ্টিলেৰীৰ সামগ্ৰী। হিমালয়ান ডিষ্টিলেৰীৰ কেঁচা ৰচিদত লিখাৰ দৰে ৰয়েল হৰ্ছ হুইস্কি সেই ট্ৰাকখনৰ পৰা উদ্ধাৰ হোৱা নাছিল, তাত উদ্ধাৰ হৈছিল বেলেগ এবিধ সুৰা।
এইবোৰ কথা বিভাগটোৱে সংবাদ মাধ্যমলৈ প্ৰেৰণ নকৰাৰ আঁৰত সংশ্লিষ্ট বিভাগটো এই সমগ্ৰ ভেজাল সুৰা প্ৰস্তুতকাৰী চক্ৰটোৰ লগত জড়িত নেকি বুলি সন্দেহৰ অৱকাশ হৈছে৷ দিছপুৰৰ নাতি দূৰৈতে থকা এটা বৃহৎ অবৈধ সুৰা ফেক্টৰীৰ কথা বিভাগটোৱে নজনাকৈ থকাটোতো এক প্ৰশ্নৰ সৃষ্টি হৈছে৷ হিমালয়ান ডিষ্টিলেৰী কেঁচা নথি কুখ্যাত সুৰা মাফিয়া দিগন্ত নেওগৰ হাতলৈ গ’ল কেনেকৈ? বা এই প্ৰতিষ্ঠানটোৰ সৈতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ব্যক্তি জড়িত থকাৰ বাবেই সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে প্ৰতিষ্ঠানটোৰ নথি ব্যৱহাৰ কৰা হৈছে। নহ’লে কি কাৰণত সম্পূৰ্ণ তথ্য আবকাৰী বিভাগে সংবাদ মাধ্যমত জনোৱাৰ পৰা বিৰত থাকিল? একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাক পাকে প্ৰকাৰে বিষয়টোত জড়িত কৰিবলৈ ইয়াৰ উত্থাপন কৰা হৈছে নেকি?
আন এক প্ৰশ্ন বিভাগটোলৈ, বিভাগৰ নিয়ম মতে অনলাইন অনুজ্ঞাপত্ৰ অবিহনে এঠাইৰ পৰা আন ঠাইলৈ সুৰা প্ৰেৰণ কৰিব নোৱাৰি, তৎসত্ত্বেও কেঁচা ৰচিদেৰে কেনেকৈ দিগন্ত নেওগে বিয়াগোম বিভাগটোৰ জ্ঞাতসাৰেই সামগ্ৰী পাৰ কৰি আছে, কেনেকৈ কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি আছে? ৰাজহ সংগ্ৰহ কৰি আপোচবিহীন ভাৱমূৰ্তি গঢ়ি থোৱা কিন্তু বাহিৰে ৰংচং ভিতৰি কোৱাভাতুৰিৰ দৰে হৈ পৰা বিভাগটোৱে সমগ্ৰ ৰাজ্যতে সুৰা মাফিয়াৰ বৃহৎ ৰেকেটটোৰ সৈতে বিভাগৰ বাঘা বাঘা বিষয়া কেনেদৰে জড়িত হৈ আছে তাৰ ওপৰত চকু দিয়াটো আৱশ্যক৷ অন্যথা নিজৰেই বিভাগক ব্যৱহাৰ কৰি সতীৰ্থ মন্ত্ৰীক কলংকিত কৰি নাক কাটি সতিনীৰ যাত্ৰা ভংগৰ লেখীয়া কাৰবাৰ হৈছে৷