বিলাহী খাই আমি সকলোৱে ভালপাওঁ ৷ পাচলিৰ ভিতৰত বিলাহী দেখিবলৈ যিমান ধুনীয়া ইয়াৰ উপকাৰিতাও অধিক ৷আপুনি জানেনে বিলাহীৰ উপকাৰিতাৰ বিষয়ে ? আহক আমি বিলাহীৰ উপকাৰিতাৰ বিষয়ে জানো…
বিলাহীৰ উপকাৰিতাঃ
১. আপুনি লগাতকৈ যদি বেছি ভোজন গ্ৰহণ কৰি আছে তেতিয়া হ’লে ভোজন কম কৰিবলৈ বিলাহী খাব পাৰে ৷
২. আপুনি যদি ডায়েটত আছে, বিলাহী খাব পাৰে ৷ বিলাহীত বহুত কমকৈ কেলৰি থকাৰ বাবে ই আপোনাক ডায়েটত সহায় কৰিব ৷
৩. বিলাহীত ছ’ডিয়ামৰ লগতে এন্টি-অক্সিজেন্ট কেমিকেল অৰ্থাৎ লাইক’পিন্ট প্ৰচুৰ পৰিমানে পোৱা যায় ৷যিয়ে কেঞ্চাৰ ৰোগৰ পৰা আপোনাক উপশম পোৱাত সহায় কৰিব ৷
৪. বিলাহীয়ে আপোনাৰ ছাল সুন্দৰ কৰি তোলাৰ লগতে উজ্জ্বল কৰি তোলাত সহায় কৰে ৷
৫. বিলাহীত ভিটামিন-চি, ভিটামিন-ই থাকে ৷ যি আমাৰ ছালৰ বাবে অতি প্ৰয়োজনীয় ৷
৬. বিলাহীত ভিটামিন-কে খাকে ৷ যিয়ে আমাৰ তেজ পনীয়া কৰাত সহায় কৰে ৷
৭. বিলাহী আমাৰ হৃদৎযন্ত্ৰৰ বাবেও উপকাৰী ৷
৮. বহুমূত্ৰ ৰোগীৰ বাবে বিলাহী অতি উপকাৰী ৷