নিউজ ডেস্কঃ ’কা’ বিৰোধী অন্দোলনত নেতৃত্ব দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক যোৱা ২০১৯ চনৰ ১২ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল।
উল্লেখ্য, তেওঁৰ নামত ১০ টাতকৈ অধিক গোচৰত কৃষক নেতা গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল।
আনকি অখিল গগৈক দুটা গোচৰত এন আই এয়ে মাওবাদীৰ সৈতে জড়িত থকা বুলিও উল্লেখ কৰিছে।
ইয়াৰে চানমাৰি থানাৰ পৰা এন আই এলৈ হস্তান্তৰ হোৱা গোচৰটোৰ বাহিৰে বাকী আটাইকেইটা গোচৰৰ পৰা ইতিমধ্যে তেওঁ জামিন লাভ কৰিছে।
অখিল গগৈয়ে এন আই এৰ বিৰুদ্ধে আদালতত আবেদন জনাইছিল যদিও আদালতে তেওঁৰ আবেদন নাকচ কৰিছিল।
তেতিয়া অখিল গগৈয়ে ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল।
আজি আদালতে এই গোচৰটোৰ ৰায়দান দিয়াৰ কথা আছিল যদিও পুনৰ অখিল গগৈৰ জামিন নাকচ কৰে উচ্চ ন্যায়ালয়ে।
উল্লেখ্য,পুনৰ অখিল গগৈৰ জামিনৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই এন আই এয়ে ৷
প্ৰায় এবছৰ বন্দিত্বৰ জীৱন কটোৱা অখিল গগৈ কেতিয়া মুকলি আকাশৰ তললৈ আহিব পাৰিব তাৰ কোনো নিশ্চয়তা নাই।