নিউজ ডেস্কঃ ‘অখিল গগৈক ভয় কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।
সেয়ে তেওঁক চৰকাৰী হেঁচা প্ৰয়োগ কৰি মাওবাদী সজোৱাৰ চেষ্টা চলাইছে ড০ শৰ্মাই।
তেওঁ চৰকাৰৰ মুখপাত্ৰ হিচাপে টুলুঙা আৰু অযুক্তিকৰ অসত্য বাতৰি প্ৰকাশ কৰি থাকে।
– এই অভিযোগ অসম জাতীয় পৰিষদৰ উপ সভাপতি অদীপ কুমাৰ ফুকনৰ।
শনিবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এজেপিৰ নেতাগৰাকীয়ে কৃষক নেতা অখিল গগৈৰ বিনাচৰ্তে মুক্তিৰ দাবী জনায়।
উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন আবেদন খাৰিজ কৰাৰ পিছতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক মাওবাদী শিৱিৰত অসমৰ ল’ৰাক প্ৰশিক্ষণ ল’বলৈ পঠিওৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল বুলি মন্তব্য কৰিছিল।
তাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি অদীপ কুমাৰ ফুকনে কয় যে, মন্ত্ৰী শৰ্মাৰ এইবোৰ মনে সজা কথা।
আজিলৈকে এনআইএ-য়ে কোনো তথ্য, যুক্তি, প্ৰমাণ দিব পৰা নাই।
মাওবাদীৰে সম্পৰ্কৰ তথ্য দিব নোৱাৰাৰ বাবে বহুকেইটা গোচৰৰ পৰা জামিন লাভ কৰিছে অখিল গগৈয়ে।
কিন্তু অন্তিম গোচৰত চৰকাৰী উকীলক হেঁচা প্ৰয়োগ কৰি সমগ্ৰ ব্যৱস্থাতো এই পৰ্যায়লৈ নিয়া হৈছে।
আনহাতে অখিল গগৈক কাৰাৰুদ্ধ কৰি চৰকাৰে আঞ্চলিকতাবাদৰ ধাৰাক স্তব্ধ কৰাৰ যি বিফল চেষ্টা কৰিছে, সেয়া কেতিয়াও পূৰণ নহয় বুলিও মন্তব্য কৰে অদীপ কুমাৰ ফুকনে।
তেওঁ কয়, ‘অখিল গগৈয়ে কাৰাৰুদ্ধ হৈ থকা অৱস্থাৰ পৰাই জনপ্ৰতিনিধি হিচাপে নিৰ্বাচনত দিছপুৰলৈ আহিব।’
বিহুৰ পূৰ্বে অখিল গগৈক বিনাচৰ্তে মুক্তি প্ৰদান নকৰিলে অসমত প্ৰবল আন্দোলন গঢ়ি উঠিব বুলিও হুংকাৰ দিয়ে এজেপিৰ উপ সভাপতিগৰাকীয়ে।