নিউজ ডেস্কঃ অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৩১ অক্টোবৰ তাৰিখে জনতা ভৱনৰ পৰা এক সংবাদ মেলত বিশেষ কেতবোৰ গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে৷ থোৰতে সেইসমূহ-
- ৭২ ঘণ্টাৰ ভিতৰত অসমত উপস্থিত হোৱা বিমান যাত্ৰীয়ে যদি উঠাৰ আগত টেষ্ট কৰি আহে তেন্তে ক’ভিড টেষ্ট কৰাব নালাগে।
- অসমৰ পৰা দিল্লী কলিকতা গৈ পুনৰ ২৪ ঘণ্টাৰ ভিতৰত ঘূৰি আহিলে টেষ্ট কৰাব নালাগে।
- বিমানত অহা ১০ বছৰলৈকে শিশুসকলে ক’ভিড টেষ্ট কৰাব নালাগে। তেওঁৰ মাক দেউতাকে টেষ্ট কৰালেই হ’ল।
- চিবিআইৰ বিষয়া, ইডিৰ বিষয়া, বেংকৰ উচ্চ পদস্ত বিষয়া, কৰ বিষয়া ইত্যাদি অসমলৈ আহিলে ক’ভিড টেষ্ট কৰিব নালাগে।
- বিশ্ব বেংক, ইউনেস্ক’ ইত্যাদি আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মানুহ আহিলে ক’ভিড টেষ্ট কৰিব নালাগে৷
- ৰাজ্যৰ চিকিত্সা মহাবিদ্যালয় হাস্পতালৰ নামভৰ্তিত ১০০খনলৈ আসন বৃদ্ধি কৰা হৈছে৷
- মেডিকেলৰ নামভৰ্তিত এইবাৰ কোঁচ ৰাজবংশী, আহোম আৰু চুতীয়া জনগোষ্ঠীৰ বাবে আসন সংৰক্ষণ কৰা হৈছে।
- ইয়াৰে ভিতৰত ৮টা কোঁচ ৰাজবংশীৰ বাবে, ৫টা আহোম জনগোষ্ঠীৰ বাবে আৰু ৪টা চুতীয়া জনগোষ্ঠীৰ বাবে মেডিকেলৰ আসন সংৰক্ষণ কৰা হৈছে।