হেডলাইন৮ বিশেষঃ মানুহজনৰ বিৰুদ্ধে বহু অভিযোগ। বহু কটু কথা। তথাপি তেওঁ অটল।
মানুহজনৰ নাম বছৰৰ সৰ্বাধিক সময়তেই চৰ্চাৰ বিষয়।
তেওঁৰ নাম অবিহনে প্ৰতিটো দিনৰ বাতৰি আধৰুৱা। তথাপি তেওঁ অবিচল।
অসমৰ ৰাজনীতি বুলিলে মানুহজনৰ নাম অবিহনে বিষয়টোৱেই হৈ পৰে আধৰুৱা। তেনেই কম বয়সতে তেতিয়াৰ ছাত্ৰ সন্থাৰ মুধাফুটা ব্যক্তিসকলৰ সান্নিধ্যত থাকি যেন ৰাজনীতিক দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সুমুৱাই ৰাখিছে তেওঁ। তেওঁ ড. হিমন্ত বিশ্ব শৰ্মা।
বহুবছৰ ধৰি বিশিষ্ট ৰাজনীতিবিদ হিতেশ্বৰ শইকীয়াৰ সান্নিধ্যৰে অভিজ্ঞতাপুষ্ট হৈ ১৯৯৬ চনৰ আদিভাগত তেওঁ যোগদান কৰিছিল সক্ৰিয় ৰাজনীতিত। ইয়াৰ পিছৰখিনি মাথো ইতিহাস। তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ প্ৰথমটো কাৰ্যকালত জালুকবাৰী সমষ্টিত ভৃগু কুমাৰ ফুকনৰ বিৰুদ্ধে পৰাজয়। পৰাজয়ৰ প্ৰথমটো তিক্ততাই তেওঁক গঢ়ি তুলিছিল এগৰাকী সুদক্ষ ৰাজনীতিবিদ হিচাপে। ইয়াৰ পিছত বৰ্তমানলৈ ৰাজ্যৰ ৰাজনৈতিক ইতিহাসৰ সম্ভৱতঃ আটাইতকৈ সফল ৰাজনীতিবিদ হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ পথ আছিল কণ্টকময়। ২০০৬ চনৰ পৰা বৰ্তমানলৈ ধাৰাবাহিকভাৱে কংগ্ৰেছেই হওঁক অথবা বিজেপিয়েই হওঁক, অসমেই হওঁক অথবা উত্তৰ-পূৱৰ ৰাজনীতিয়েই হওঁক, সকলোতে জ্যোতিষ্মান হৈ আছে ড. শৰ্মা। সকলোতে প্ৰাসঙ্গিক হৈ আছে ড. শৰ্মা। কি লোকসভা নিৰ্বাচন, কি ৰাজ্য সভা নিৰ্বাচন, কি পঞ্চায়ত নিৰ্বাচন, কি উত্তৰ-পূৱৰ আন নিৰ্বাচন, সকলোতে প্ৰয়োজন তেওঁৰ।
কটন কলেজৰ মঁজিয়াৰ পৰা আৰম্ভ হোৱা ৰাজনীতিৰ আদিপাঠ এতিয়া পৰিপক্ক হ’ল। চাইকেলৰ পেডেল মাৰি কম্পেইনৰ বাবে দৌৰি ফুৰা ল’ৰাটো এতিয়া ভাৰতৰে নৱৰত্ন ৰাজনৈতিকৰ মাজৰ এজন হ’ল। বিজেপিৰ দৰে ৰাষ্ট্ৰীয় দল এটাৰ উত্তৰ-পূৱৰ সমন্বয়ৰক্ষী হিচাপে চাতুৰ্যভৰা দক্ষতাৰে কৰিছে প্ৰতিটো কাম।
২০১১ চনতে মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ দিয়া হৈছিল তেওঁৰ নাম। অসমত কংগ্ৰেছৰ জয়ৰ পিছতে তেতিয়াৰ ৰাজ্যিক প্ৰভাৰী দিগ্বিজয় সিংএ মুখ্যমন্ত্রীৰ বাবে প্ৰস্তাব দিছিল ড. শৰ্মাৰ নাম। কিন্তু তৰুণ গগৈয়ে তাৎক্ষণিকভাৱে দিল্লীলৈ গৈ ছোনিয়া গান্ধীক শৰ্মাৰ বিৰুদ্ধে সৈমান কৰিছিল। ইয়াৰ পিছতেই ড. শৰ্মাৰ বিচক্ষণতাত শংকিত হৈ পৰিছিল অসম প্ৰদেশ কংগ্ৰেছ শিবিৰ। তৰুণ গগৈয়ে এক সাক্ষাৎকাৰত এই কথাৰ সত্যতাও স্বীকাৰ কৰিছে। অসমৰ ৰাজনীতিত গৌৰৱ গগৈক প্ৰক্ষেপৰ বিষয়টোও যথেষ্ট গুৰুত্বপূৰ্ণ।
ইয়াৰ পিছতেই কংগ্ৰেছৰ শীৰ্ষ নেতা দিগ্বিজয় সিঙে হিমন্ত বিশ্ব শৰ্মাক বিজেপিত যোগদান কৰাৰ পৰামৰ্শ দিছিল আৰু তাৰ পৰাই আৰম্ভ হৈছিল শৰ্মাৰ বিজেপিত যোগদানৰ চিন্তা চৰ্চা । ৰজত শেঠীয়ে লিখা ‘The last battle of Saraighat’ ত লিখিছে – I quote ‘Ironically Digvijay Singh, the former in-charge of Assam Pradesh Congress Committee , advised Sarma to leave the congress and join the BJP. It was then that Sarma opened back channel discussions with Ram Madhav’.
২০১৪ চনৰ স্বাধীনতা দিৱস। ৰাজ্য চৰকাৰত জোকাৰণি তুলি হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ। কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ। মন্ত্ৰীত্ব ত্যাগ। ইয়াৰ পিছত প্ৰায় এটা বছৰৰ নিস্তব্ধতা….
২৯ আগষ্ট, ২০১৫
গুৱাহাটী বিমানবন্দৰৰ পৰা গুৱাহাটীৰ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক বিশাল ৰেলী। ৰেলীৰ মধ্যমণি এখন মুকলি বাহন। বাহনত উৰ্ধবাহু হিমন্ত। ফুলে গামোচাই জাতিষ্কাৰ হিমন্ত। ইয়াৰ পিছতে আহে ২০১৬ চনৰ অসম বিধানসভা নিৰ্বাচন। দিনে নিশাই শদিয়াৰ পৰা ধুবুৰীলৈ নিৰ্বাচনী প্ৰচাৰ, নিদ্ৰাহীন সময় আৰু বিজেপিৰ দখললৈ অসমৰ শাসন।
ক্ৰমাৎ হিমন্তৰ পৃষ্ঠপোষকতাতেই অসম গণ পৰিষদ আৰু বিপিএফৰো মিত্ৰতা বিজেপিৰ সৈতে। বিধান সভা নিৰ্বাচনৰ পিছতে লোকসভাতো ব্যাপক সাফল্য, পঞ্চায়ত নিৰ্বাচনতো।
ইয়াৰ পিছতে আহুকালৰ দৰেকৈ আহি পৰে কৰোনা মহামাৰী। সমগ্ৰ দেশৰ লগতে ৰাজ্যকো ব্যতিব্যস্ত কৰে এই মহামাৰীয়ে। তৎসত্ত্বেও, সমগ্ৰ দেশতে অৰ্থনীতি জুৰুলা হৈ পৰাৰ পিছতো, অসমৰ দৰে এখন সৰু ৰাজ্যই এইগৰাকী বিচক্ষণ ব্যক্তিৰ তত্বাৱধানতেই ৰক্ষা পৰিছিল অৰ্থনৈতিক আহুকালৰ পৰা। কিয়নো স্বাস্থ্য আৰু বিত্তৰ দৰে দুয়োটা জটিল বিষয় চম্ভালি আছিল তেওঁ।
শৈশৱতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতেও জড়িত এইগৰাকী বিচক্ষণ ৰাজনীতিবিদৰ মধ্যস্থতাতেই মণিপুৰ, অৰুণাচল প্ৰদেশত ভাঙিব ধৰা বিজেপি চৰকাৰক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল বিজেপি নেতৃত্ব। গুৱাহাটীৰ পঞ্চতাৰকা হোটেল ৰেডিছন ব্লুত মণিপুৰৰ প্ৰায় দুকুৰি বিধায়কক মেনেজ কৰি ভাঙিব ধৰা চৰকাৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ ভুমিকাত তবধ মানিছিল কেন্দ্ৰীয় নেতৃত্ব। লগতে বহিঃৰাজ্যৰ আন দলৰ ভালেমান সংসদকো বিজেপিত যোগদান কৰোৱাই চমক সৃষ্টি কৰিছিল দলৰ মঁজিয়াত। কেৱল সেয়াই নহয়, ক্ৰীড়া ক্ষেত্ৰতো এইগৰাকী ৰাজনীতিবিদৰ প্ৰশাসনীয় বিচক্ষণতাৰে উজ্বলি উঠিছে বেডমিণ্টন, ক্ৰিকেটকে ধৰি ভালেমান ক্ৰীড়া। আমি হেডলাইন৮ ৰ দৰ্শকক জনাই থওঁ যে ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতিৰ দৰে পদ অলংকৃত কৰা হিমন্ত বিশ্ব শৰ্মাই সৌৰভ গাংগুলীৰ দৰে ক্ৰীড়া তাৰকাক বিচিচিআইৰ সভাপতি পদত অধিষ্ঠিত কৰোৱাতো লৈছিল গুৰুত্বপূৰ্ণ ভুমিকা, যিটো কথা কেৱল ৰাজনৈতিক ভু ৰখা লোকেহে জানে। ইফালে উত্তৰ পূৱৰ পৰা কংগ্ৰেছক উৎখাত কৰিবৰ বাবে গঠন কৰা নেডাৰো আহ্বায়কৰ দায়িত্ব দি ৰখা হৈছে এইগৰাকী হিমন্ত বিশ্ব শৰ্মাক।
ৰাইজলৈ এৰিছো শেষ প্ৰশ্ন, সঁচাকৈ এইগৰাকী হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নে? ৰাজ্যক নেতৃত্ব দিয়াৰ বাবে যোগ্য ব্যক্তি হয় নে এইগৰাকী ব্যক্তি? আপোনাৰ বিবেচনা, আপোনাৰ বিবেক। যি হ’ব ৰাজ্যৰ ভৱিষ্যত।