নিউজ ডেস্কঃ গুৱাহাটীত আজি মুকলি হ’বলগীয়া গণেশগুৰিৰ উৰণীয়া সেঁতুক লৈ অবান্তৰ বাতৰি প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সংবাদ মাধ্যমে৷
কোনো আঁতি-গুৰি নোহোৱা বাতৰি প্ৰকাশেৰে সংবাদ মাধ্যমটোৱে গণেশগুৰিৰ উৰণীয়া সেঁতুখন সন্দৰ্ভত ভুল তথ্য প্ৰকাশ কৰিছে৷
বাতৰিটোত কোৱা হৈছে যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিবলগীয়া গণেশগুৰিৰ সেঁতুখন হেনো দৰাচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুক যান-বাহনৰ চলাচলৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্মাণ কৰা হৈছে৷ এই সন্দৰ্ভত অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যও হেনো বক্তব্য প্ৰদান কৰিছে বুলিও বাতৰিটোত প্ৰকাশ পাইছে৷
ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত যে অসম তথা উত্তৰ পূৰ্বাঞ্চলক লৈ যে কোনো আগ্ৰহ নাই অথবা বিভ্ৰান্তিমূলক বাতৰি পৰিৱেশন কৰিলেও যে কাৰো ভ্ৰূক্ষেপ নাই, সেয়াই এই বাতৰিটোত প্ৰত্যক্ষ কৰা হৈছে৷
অধিক বিৱৰণৰ বাবে
https://www.hindustantimes.com/india-news/ganeshguri-flyover-to-be-inaugurated-in-guwahati-today/story-n3ASogsphMNrb8vnRGC8xL.html