নিউজ ডেস্কঃ গুৱাহাটীৰ নাৰায়ণা ছুপাৰস্পেচিয়েলিটী হাস্পতাল, বাফনাই সময়ে সময়ে জটিল অস্ত্ৰোপচাৰসমূহ সম্পন্ন কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ নাৰায়ণা হেল্থ লিমিটেডৰ সহযোগী কলকাতাৰ আৰ এন টেগোৰ হাস্পতালে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জনসাধাৰণক নৱজীৱন দিবলৈ আগবাঢ়ি আহিছে৷
ক’ভিড-১৯ মহামাৰীয়ে সমগ্ৰ বিশ্বতে মানৱ সভ্যতাত ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে নাৰায়ণা হেল্থৰ চিকিৎসকসকলে জনসাধাৰণৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিছে৷ ২০২০ বৰ্ষৰ নৱেম্বৰ মাহত অসমৰ বিভিন্ন প্ৰান্তৰ ১১ গৰাকী ৰোগীক অতিশয় জটিল অৱস্থাত চিকিৎসা প্ৰদান কৰা হয়৷ উক্ত ৰোগীকেইগৰাকীক তৎকালীন চিকিৎসাৰ প্ৰয়োজন হোৱাৰ লগতে জ্যেষ্ঠ কাৰ্ডিয়াক ছাৰ্জনৰো পৰ্যৱেক্ষণৰ প্ৰয়োজন হৈছিল৷ এই সন্দৰ্ভত চিকিৎসালয়খনৰ পৰা প্ৰকাশিত প্ৰতিবেদন অনুসৰি বিশেষজ্ঞ চিকিৎসকৰ এটা দলক গুৱাহাটীলৈ বিশেষ তৎপৰতাৰে আমন্ত্ৰণ জনোৱা হয়৷ ডাঃ ললিত কাপুৰৰ নেতৃত্বত ডাঃ দেৱৰাজ আৰু জ্যেষ্ঠ নাৰ্ছিং মুৰব্বী ছিষ্টাৰ ফৰিডাই দুবাৰত ১১টা অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে৷ অস্ত্ৰোপচাৰৰ পিছত ৰোগীকেইগৰাকী সুস্থ হোৱাৰ ইতিবাচক সংকেত প্ৰদান কৰে৷
এই সন্দৰ্ভত ছিনিয়ৰ কনছালটেণ্ট হাৰ্ট ট্ৰেন্সপ্লাণ্ট আৰু কাৰ্ডিয়াক ছাৰ্জন ডাঃ ললিত কাপুৰে গুৱাহাটীত ১১জন ৰোগীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলৈ পাই অতিশয় আনন্দিত অনুভৱ কৰা বুলি জানিবলৈ দিয়ে৷ মহামাৰীৰ এই সময়ছোৱাত গুৱাহাটীত উপস্থিত হোৱাটো এক প্ৰত্যাহ্বান আছিল বুলি মন্তব্য প্ৰকাশ কৰি উক্ত ১১জন ৰোগীৰ আৰোগ্য হাৰ সন্তোষজনক বুলি প্ৰকাশ কৰে৷
আনহাতে নাৰায়ণা ছুপাৰস্পেচিয়েলিটী হাস্পতাল, বাফনা, গুৱাহাটীৰ ফেচিলিটী ডাইৰেক্টৰ অজিত বেল্লামকণ্ডাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক উৎসৰ্গিত মনোভাৱেৰে সেৱা আগবঢ়াই যাব বুলি মন্তব্য প্ৰকাশ কৰে৷