নিউজ ডেস্কঃ চলিত বৰ্ষৰ ১০ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ টেট পৰীক্ষা ৷
OMR পদ্ধতিৰে অনুষ্ঠিত হ’ব পৰীক্ষা ৷
এইবাৰ পৰীক্ষা কেন্দ্ৰসমূহত সংস্থাপন কৰা হ’ব জামাৰ ৷
মোবাইলকে ধৰি অন্য কোনো ইলেকট্ৰ’নিক সামগ্ৰী পৰীক্ষা কেন্দ্ৰলৈ লৈ যাব নোৱাৰিব পৰীক্ষাৰ্থীয়ে ৷
পৰীক্ষা কেন্দ্ৰত মোবাইল ধৰা পৰিলে পৰীক্ষাৰ ফলাফল লাভ নকৰিব পৰীক্ষাৰ্থীয়ে ৷
জানুৱাৰীৰ শেষত অথবা ফেব্ৰুৱাৰীৰ প্ৰথম ভাগত ফলাফল ঘোষণা কৰিব ৷
প্ৰতিজন পৰীক্ষাৰ্থীৰ তথ্য সংগ্ৰহ কৰা হ’ব বায়’মেট্ৰিক পদ্ধতিৰে ৷
প্ৰথম বাৰৰ বাবে পৰীক্ষামূলকভাৱে গ্ৰহণ কৰিব এই পদক্ষেপ ৷
এইবাৰৰ টেট পৰীক্ষাত কলা শাখাত ১৮,৩৫৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব ৷
বিজ্ঞান শাখাত অৱতীৰ্ণ হ’ব ৪,৬৭৫ গৰাকী আৰু বাণিজ্য শাখাত ৮৩৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব ৷
এই কথা ঘোষণা কৰিলে ছেবাৰ অধ্যক্ষ আৰ চি জৈনে ৷