নিউজ ডেস্কঃ নদীসমূহত জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণে শীঘ্ৰেই অস্তিত্বৰ গৰাহত পেলাব নদী তথা জীৱকুলক ৷
বোৱতী নদীক ভেটা দি বান্ধ নিৰ্মাণ কৰাৰ মূলতঃ তিনিটা উদ্দেশ্য হৈছে- জলবিদ্যুৎ উৎপাদন, জলসিঞ্চন আৰু বানপানী প্ৰতিৰোধ ৷
পৃথিৱীৰ বিভিন্ন দেশত প্ৰায় ৩২৮৬৬ টা বান্ধ নিৰ্মাণ কৰা হৈছে ৷
ভাৰতত মুঠ ৪২৯১ টা এনে সৰু-বৰ বান্ধ আছে ৷
বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰিবেশবিদ সকলে কৰা এক বস্তুনিষ্ঠ গৱেষণাত বৃহৎ বান্ধৰ বহুতো ঋণাত্মক দিশ প্ৰকাশ পাইছে ৷
মানৱ সভ্যতা তথা পৰিবেশৰ ভাৰসাম্যতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা বৃহৎ বান্ধ নিৰ্মাণৰ ধাৰণাটো উন্নয়নৰ পৰিপন্থী বুলি চিহ্নিত হৈছে ৷
তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে কিছু নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰলৈ ৷
জলবিদ্যুৎ প্ৰকল্পৰ পৰা নদীৰ নামনি অঞ্চলত নূন্যতম ১৫ শতাংশ পানী সৰবৰাহ কৰিব পৰাকৈ নিৰ্মাণ কৰিব লাগিব নদীবান্ধ ৷
অসম, অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম, পশ্চিমবংগ আৰু জম্মু-কাশ্মীৰৰ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডক এই নিৰ্দেশ বাস্তৱায়িত কৰাৰ দায়িত্ব অৰ্পণ কৰিছে ৷
ইয়াৰ বাবে জলবিদ্যুৎ প্ৰকল্পসমূহত যদি কাৰিকৰী দৃষ্টিকোণৰ পৰা কোনোধৰণৰ সাল-সলনি কৰিব লাগে সেয়া সম্পন্ন কৰিবলৈকো ন্যায়াধীকৰণে নিৰ্দেশ প্ৰদান কৰে ৷
এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অধ্যক্ষ ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেলৰ নেতৃত্বাধীন খণ্ড বিচাৰপীঠে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে যে বান্ধ নিৰ্মাণৰ ক্ষেত্ৰত ৰিভাৰাইন ইক’লজি অক্ষুণ্ণ ৰাখিবই লাগিব ৷
জীৱনৰ অধিকাৰ সুনিশ্চিত কৰাটোহে উন্নয়নমূলক কাম-কাজৰ লক্ষ্য হোৱা উচিত ৷
নদী তথা জীৱকুলৰ অস্তিত্ব বিপন্ন কৰি জলবিদ্যুৎ প্ৰকল্প হ’ব নোৱাৰে – অতি তাৎপৰ্যপূৰ্ণ এই মন্তব্য ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ ৷
বিশিষ্ট পৰিবেশবিদ সুন্দৰলাল বহুগুণাই কৈছিল ‘নদীৰ স্বাভাৱিক গতি বাধাপ্ৰাপ্ত কৰাটো উচিত নহয় ৷
কাৰণ নদী মানে কেৱল নদীৰ পানীখিনিয়েই নহয়,ইয়াৰ লগত জড়িত জৈৱ-তন্ত্ৰটোও সাঙোৰ খাই থাকে ৷’
ব্যৱসায়িক মুনাফা লাভৰ বাবে নদীৰ অস্তিত্বৰ উৰ্দ্ধত কাম কৰিব নোৱাৰিব ৷
৯ মাহ পূৰ্বে ন্যায়াধীকৰণৰ এই নিৰ্দেশনাক আওকাণ কৰি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে কোনো প্ৰতিবেদন দাখিল নকৰা বিষয়টোত ক্ষোভ প্ৰকশ কৰিছে ন্যায়াধীশ গোৱেলৰ খণ্ডবিচাৰপীঠে ৷