মুকলি আকাশৰ তললৈ আহি বৰ্ষাশ্ৰী বুঢ়াগোহায়ে কলে ‘মোৰ ভুলৰ বাবে মই অনুতপ্ত’। উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন মঞ্জুৰ হোৱাৰ পাছত ৬৫ দিনৰ পাছত গোলাঘাট কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলে উদীয়ামান কবি তথা কলেজীয়া ছাত্ৰী বৰ্ষাশ্ৰীয়ে।
তেওঁৰ মুক্তিৰ বাবে বিভিন্ন দল সংগঠন তথা সংবাদ মাধ্যমে লোৱা পদক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে বৰ্ষাশ্ৰীয়ে। লগতে বৰ্ষাশ্ৰীয়ে কয় তেওঁ যদি কিবা ভুল কৰিছে তাৰ বাবে তেওঁ অনুতপ্ত।
কাৰাগাৰৰ পৰাই দুখন কাকতৰ পৰীক্ষা দিয়া মেধাৱী ছাত্ৰীগৰাকীয়ে পৰীক্ষা ভাল হোৱা বুলিও জানিবলৈ দিয়ে।