নিউজ ডেস্কঃ শিৱসাগৰৰ দ’লমুখ চাৰিআলিত থকা জনতা পাণ ভাণ্ডাৰত এগৰাকী আইএএছ বিষয়াই পাণ বিক্ৰী কৰি নাগৰিকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ পাণ দোকানখনৰ স্বত্বাধিকাৰী হৈছে ওম প্ৰকাশ গুপ্তা আৰু আইএএছ বিষয়া ৰাহুল গুপ্তা হৈছে তেওঁৰ পুত্ৰ৷
বৰ্তমান শোণিতপুৰত অতিৰিক্ত সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত এইগৰাকী বিষয়া বন্ধৰ সময়ত ঘৰলৈ আহি পিতৃৰ কষ্ট লাঘৱ কৰাৰ বাবে পাণ দোকানখনত বহা কাৰ্যই জনসাধাৰণক হতবাক কৰি তুলিছে৷ যি সময়ত একোজন সন্তানে কৰ্ম ব্যস্ততাৰ মাজত পৰিয়ালক সময় দিব নোৱাৰে তেনে সময়ত অলেখ কৰ্ম ব্যস্ততাৰ মাজতো এজন আইএএছ বিষয়াই পিতৃক সকাহ দিবলৈ পাণ দোকানত বহি দায়ৱদ্ধতাৰ পৰিচয় দিয়াটোৱে সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷