কল’ৰেক্টল কেঞ্চাৰ চিনাক্ত কৰিবলৈ এক স্বয়ংক্ৰিয় পদ্ধতি উদ্ভাৱন কৰিছে IIT গুৱাহাটীৰ এক গৱেষকৰ দলে ৷
অধ্যাপক মানস কমল ভূঞাৰ নেতৃত্বত গৱেষকৰ দলটোৱে উদ্ভাৱন কৰি উলিয়াইছে আৰ্টিফিচিযেল ইণ্টেলিজেন্স ভিত্তিক এক স্বয়ংক্ৰিয় পদ্ধতি, যাৰ জৰিয়তে কলেন’স্কোপি ইমেজ ব্যৱহাৰ কৰি চিনাক্ত কৰিব পৰা যাব কল’ৰেক্টল কেঞ্চাৰ ৷
উল্লেখ্য যে, কল’ৰেক্টল কেঞ্চাৰ হৈছে ভাৰতৰ পুৰুষ আৰু মহিলাৰ শৰীৰত যথেষ্ট বেছি দেখিবলৈ পোৱা কেঞ্চাৰৰ এক প্ৰকাৰ ৷
প্ৰথম অৱস্থাতে চিনাক্ত কৰিব পাৰিলে এইবিধ কেঞ্চাৰ নিৰাময় কৰিব পৰা যায় ৷