নিউজ ডেস্কঃ ৰাষ্টীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হ’ল ১০ সহস্ৰাধিক বিদেশীৰ নাম ৷ অসমীয়া ৰক্ষা কৱচ দলিলখনক লৈ উচ্চ ন্যায়ালয়ত এক ভয়ংকৰ তথ্য উত্থাপন হৈছে ৷ জানিব পৰামতে ৪,৭৯৫ জন বিদেশীৰ নাম সোমাইছে এনআৰচিত৷ এক শপতনামাযোগে উচ্চ ন্যায়ালয়ক এই কথা জনাইছে এনআৰচি কৰ্তৃপক্ষই৷
মুঠ ১০,১৯৯ জন সন্দেহযুক্ত লোকৰ নাম পৰীক্ষা কৰিছিল এনআৰচি কৰ্তৃপক্ষই৷ এই তথ্য অনুসৰি ৪,৭৯৫ বিদেশী ঘোষিত লোকৰ নাম ওলাল ৷ শেহতীয়াকৈ এনআৰচিত অন্তভুৰ্ক্ত হৈছে অতিৰিক্ত ১,০৩২ জন অযোগ্য লোকৰ নাম ৷ এই ১,০৩২ জনৰ ভিতৰত আছে ঘোষিত বিদেশী, ডি ভোটাৰ, বিদেশী সম্পৰ্কীয় গোচৰত অভিযুক্ত লোক ৷ অযোগ্য ব্যক্তিৰ নাম অৰিজিনেল ইনহেবিটেণ্ট হিচাপে অন্তৰ্ভুক্ত হৈছে এনআৰচিত৷ কিন্তু আশ্চৰ্যৰ বিষয় যে, এই ভয়ংকৰ বিসংগতিৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰকহে দোষ জাপিলে এনআৰচি কৰ্তৃপক্ষই৷
এই ক্ষেত্ৰত আকৌ এপিডব্লিউ(APW)ৰ সভাপতি অভিজিৎ শৰ্মাই গুৰুতৰ অভিযোগ আনে অসমৰ প্ৰাক্তন এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলৰ ওপৰত ৷ অভিজিৎ শৰ্মাই এই বুলি কয় যে ২০১৯ৰ চূড়ান্ত অসমৰ এনআৰচিৰ তালিকাত ৮০ লাখৰো অধিক বিদেশীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল। ই কেৱল ৪০০০ বা ৮০০০ নহয়, ৮০ লাখৰো অধিক বাংলাদেশী ৷ এইসকল বাংলাদেশী প্ৰতীক হাজেলাৰ দলৰ আৰু কিছুসংখ্যক হাজেলৰ দলৰ উচ্চ স্তৰৰ বিষয়া ৷ সেই গতিকে ২০১৯ৰ এনআৰচি বৰ্জন কৰি পুনৰ এখন নিৰ্ভূল এনআৰচি নিৰ্মাণ কৰিব লাগে বুলি আহ্বান জনায় ৷”