দেশৰ আগন্তুক ৭৮সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ বিশেষ পৰিকল্পনা আৰু তত্বাৱধানত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ একাংশ আগৰণুৱা ব্যক্তিক বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ তদুপলক্ষে আগন্তুক ১আগষ্টৰ পৰা সামৰিক, অৰ্ধসামৰিক, আৰক্ষী, সাংবাদিক, গৃহৰক্ষী বাহিনীৰ জোৱান আৰু মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্যক হোণ্ডা ছেফটি ড্ৰাইভিং ট্ৰেইনিং এডুকেছন চেন্টাৰৰ সহযোগত যানবাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। তদুপৰি প্ৰশিক্ষণৰ অন্তত যানবাহন চালনাৰ বাবে অত্যাৱশ্যকীয় অনুজ্ঞাপত্ৰ এখন নিজে কেনেকৈ তাৎক্ষণিকভাৱে উলিয়াই ল’ব পাৰি সেই সন্দৰ্ভতো প্ৰশিক্ষাৰ্থী সকলক সম্যক জ্ঞান প্ৰদান কৰা হ’ব ৷ দেশৰ ৭৮সংখ্যক স্বাধীনতা দিৱসৰ লগত সঙ্গতি ৰাখি আয়োজন কৰা বাহন চালনাৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ দ্বাৰা সমাজৰ এইসকল ব্যক্তিক যথাযোগ্য সন্মান প্ৰদৰ্শন কৰাটোও পৰিবহণ বিভাগৰ লক্ষ্য বুলি উল্লেখ কৰে বিশেষ কতৰ্ব্যৰত বিষয়া গৰাকীয়ে।
যানবাহন চালনাৰ সকলো নীতি-নিৰ্দেশনাৰ আধাৰত এইসকল ব্যক্তিক বাহনৰ সুদক্ষ চালক হিচাপে গঢ়ি তুলি আগন্তুক দিনত ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰাখি মুখ্যমন্ত্ৰী মাননীয় ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰাৰ প্ৰয়াস হ’ব এই কাৰ্যসূচীৰ অন্যতম লক্ষ্য। পহিলা আগষ্টত আৰম্ভ হৈ গোটেই মাহটোৰ বাবে চলিবলগীয়া বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণত অংশগ্ৰহণৰ বাবে ইচ্ছুক ব্যক্তিসকলক প্ৰতিদিনে ৰাতিপুৱা ১০বজাৰ পৰা ১১বজাৰ ভিতৰত পৰিবহণ বিভাগৰ বেতকুচিস্থিত কাৰ্যালয় চৌহদত অৱস্থিত হোণ্ডা ছেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰত উপস্থিত হ’বলৈ আহ্বান জনোৱা হৈছে। পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে ইচ্ছুক ব্যক্তিসকলক বাহন চালনাৰ বিশেষ প্ৰশিক্ষণ সন্দৰ্ভত সবিশেষ অৱগত হৈ প্ৰশিক্ষণত নিজৰ যোগদান নিশ্চিত কৰিবলৈ পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ যানবাহন পৰিদৰ্শক পূৰ্ণিমা তাছা, নিম্নবৰ্গ সহায়ক জ্যোতিষ কৈৱৰ্ত (৯৪০১৫৯৬৩৮৭) আৰু ইলান জ্যোতি ভৰালী (৭৮৯৬৮৫০০৪৫)ৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।