নিউজ ডেস্কঃ অসমত কংগ্রেছৰ বর্তমান যি অৱস্থা, সেই অৱস্থা বর্তি থাকিলে কংগ্রেছ আৰু দুর্দিনৰ সন্মুখীন হোৱাটো নিশ্চিত ৷ এই বিস্ফোৰক মন্তব্য কৰে কংগ্রেছ সাংসদ প্রদ্যুৎ বৰদলৈয়ে ৷ বৰদলৈয়ে আৰু কয় যে ‘স্থিতাৱস্থা বাহাল থাকিলে অসমত কংগ্রেছৰ সর্বনাশ হ’ব ৷ নতুন চিন্তা, নতুন উদ্যমত নতুন কাম কৰিব লাগিব৷ তেতিয়াহে আগন্তুক নির্বাচনত কিবা এটা সম্ভৱ হ’ব ৷ ইয়াৰ লগতে প্ৰদ্যুত বৰদলৈয়ে কয় যে তেওঁ ৰিপুণ বৰাৰ বিৰুদ্ধে প্রচাৰ চলোৱা নাই৷ কেৱল ক’ব বিচাৰিছে যে দলৰ কাম–কাজক লৈ নতুনকৈ চিন্তা–ভাবনা কৰাৰ অৱকাশ আছে৷ কিন্তু হাইকমাণ্ডে দায়িত্ব প্রদান কৰিলে প্রদেশ কংগ্রেছৰ সভাপতি হ’বলৈ তেওঁ সম্পূর্ণ সাজু বুলি মন্তব্য কৰে ৷ লগতে এয়াও স্পষ্ট কৰি দিয়ে যে নেতৃত্ব ল’বলৈ তেওঁ হাইকমাণ্ড কিম্বা শীর্ষ নেতৃত্বক কেতিয়াও তোষামোদ নকৰে আৰু বর্তমানৰ সভাপতিৰ বিৰোধিতাও নকৰে৷
আনহাতে, দলৰ অসন্তুষ্ট বিধায়কসকলে সভাপতিৰ বিৰুদ্ধে কৰি থকা মন্তব্য সম্পূর্ণ ব্যক্তিগত বুলি অভিহিত কৰে যদিও এইক্ষেত্রত কোনোবা বিধায়কে দলত্যাগ কৰিলে, সেয়া অত্যন্ত দুর্ভাগ্যজনক হ’ব বুলি বৰদলৈয়ে মন্তব্য কৰে৷ বিশেষকৈ বিধায়ক তথা দলৰ জ্যেষ্ঠ নেত্রী অজন্তা নেওগে দলত্যাগ কৰিলে সেয়া দলৰ বাবে বৃহৎ ক্ষতি হ’ব বুলি সাংসদজনে মন্তব্য কৰে ৷ সেয়েহে তেওঁ কয় যে তেওঁ মনে–প্রাণে বিচাৰে যে অজন্তা নেওগৰ দলত থাকক৷ লগতে এইটোও জানিব দিয়ে যে বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফৰ সৈতে মিত্রতাক লৈ তেওঁ উৎসাহী নহয়৷ বিটিচি নির্বাচনত এ আই ইউ ডি এফৰ সৈতে হোৱা মিত্রতা বা বুজাবুজি পৰীক্ষামূলকহে আছিল বুলি তেওঁ মন্তব্য কৰে৷ আজমলৰ দলৰ সৈতে মিত্রতাক লৈ এতিয়াও কোনো চূডান্ত সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক লৈ শাসকীয় বিজেপিয়ে অপপ্রচাৰত লিপ্ত হোৱা বুলিহে তেওঁ মন্তব্য কৰে ৷ এজেপি, ৰাইজৰ দলকে ধৰি নৱগঠিত সকলো ৰাজনৈতিক দলৰ সৈতে মিত্রতা স্থাপন কৰিব পাৰিলে বিজেপিবিৰোধী শক্তিয়ে সকলো প্রকাৰে লাভান্বিত হ’ব বুলি সাংসদ বৰদলৈয়ে মত ব্যক্ত কৰে ৷