গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত প্ৰথমবাৰৰ বাবে কর্তৃপক্ষই এইবেলি দুৰ্গা পূজাৰ বন্ধৰ সময়চোৱাত কিবা অঘটন ঘটাৰ আশংকা কৰি কর্তৃপক্ষই দুর্গাপূজাৰ বন্ধৰ সময়ছোৱাত গৱেষক আবাসৰ বাহিৰে আন ১৯ টা ছাত্রাবাস আৰু ছাত্রীনিবাসত বিদ্যুৎ আৰু পানী যোগান ব্যৱস্থা বিচ্ছিন্ন কৰি দিছে। বিশ্ববিদ্যালয়ৰ এক সূত্ৰই সদৰি কৰা অনুসৰি বন্ধৰ সময়ছোৱাত কোনো আবাসীয়ে যাতে আবাসত থাকি আড্ডাৰথলীলৈ ৰূপান্তৰ কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
আনকি আবাসসমূহত থকা সকলো কৰ্মচাৰীৰ সেৱা বন্ধৰ কেইদিনৰ বাবে কৰ্তন কৰা হৈছে। ৮ অক্টোবৰত পূজাৰ বন্ধ আৰম্ভ হোৱাৰ পাছত এই নতুন ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে। গৱেষক ছাত্ৰ-ছাত্ৰীৰ বাবে থকা চাৰিটা আবাসৰ বাহিৰে আন ১৯ টা আবাসৰ চৌহদ সম্প্ৰতি আন্ধাৰ হৈ আছে। আবাসসমূহৰ সন্মুখত কেৱল ষ্ট্রীট লাইট জ্বলি আছে। তথ্য অনুসৰি বিশ্ববিদ্যালয় চৌহদত সম্প্রতি ২৩ টা আবাস আছে। ইয়াৰে ১২ টা ছাত্রাবাস আৰু ১১ টা ছাত্রীনিবাস। ইয়াৰে গৱেষক ছাত্ৰৰ বাবে তিনিটা আবাস আৰু গৱেষিকা ছাত্ৰীৰ বাবে আবাস। জানিব পৰা মতে ২০ অক্টোবৰত পূজাৰ বন্ধ খোলাৰ দিনা পুৱা বা তাৰ আগদিনা নিশা বিদ্যুৎ আৰু পানী যোগান ব্যৱস্থা পুনৰ আৰম্ভ কৰা হ’ব । অৱশ্যে এই ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া জানিব পৰা হোৱা নাই যদিও বেছিভাগ আবাসী কৰ্তৃপক্ষৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ভিতৰি ক্ষুব্ধ হৈ পৰিছে।