বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ৬৭তম ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা।
গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত গুৱাহাটীৰ জজ ফিল্ড আৰু মৰিগাঁৱৰ দলবাৰী খেলপথাৰত অনুষ্ঠিত হ’ব প্ৰতিযোগিতা ৷
আজি জজ ফিল্ডত খেলখন উদ্বোধন কৰে ৰাজ্যৰ ক্রীড়া আৰু যুৱ কল্যান বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলিয়ে ৷
উদ্বোধনী অনুষ্ঠানৰ ভাষণত তেওঁকয় যে বৰদলৈ ট্ৰফি জীয়াই ৰাখিবলৈ হ’লে ৰাজ্যৰ প্ৰতিজন ক্ৰীড়াপ্ৰেমীয়ে দায়িত্ব গ্ৰহণ কৰিব লাগিব।
উদ্বোধনী অনুষ্ঠানত প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ পুত্ৰ ক্ৰমে ৰবীন বৰদলৈ আৰু বলীন বৰদলৈৰ লগতে বিশিষ্ট ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মা,প্ৰাক্তন ফুটবল খেলুৱৈ গিলবাৰ্টচন চাংমা আদি ভালেসংখ্যক ক্ৰীড়াবিদ উপস্থিত থাকে ৷
অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰতিগৰাকী ব্যক্তিয়ে ।
ৰাজ্যৰ মুঠ ৮ টা দলে অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাখনত ৷
আজিৰ উদ্বোধনী খেলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে গুৱাহাটী টাউন ক্লাব ৰ বিৰুদ্ধে অৱতীৰ্ণ হয়।
উল্লেখ্য, প্ৰতিযোগিতাত বিজয়ী দলে লাভ কৰিব ১ লাখ আৰু ৰানাৰ্ছ আপ দলে লাভ কৰিব ৫০ হাজাৰ টকা লগতে ট্ৰফি ।