গুৱাহাটী পৌৰ নিগম এলেকাৰ ৬০ নম্বৰ ৱাৰ্ডৰ পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰত অসম চৰকাৰৰ পৌৰ নিগমৰ দিছপুৰ সংমণ্ডলে ( ৫ ) পাৰিষদ পূজিৰে নিৰ্মাণ কৰা এটা নৱনিৰ্মিত পথ কালি মাংগলিক কাৰ্যৰ মাজেৰে উদ্ধোধন কৰা হয়। উপস্থিত ৰাইজৰ বিপুল হৰ্ষধ্বনিৰ মাজত পথটো উদ্ধোধন কৰে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই।
এই উপলক্ষে ৬০ নম্বৰ ৱাৰ্ডৰ পাৰিষদ ভূপেন বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত মেয়ৰ মৃগেন শৰণীয়াই নতুন পথটো যাতায়াতৰ বাবে মুকলি হোৱাৰ পাছত অঞ্চলটোৰ ৰাইজে পূৰ্বতে ভোগ কৰি অহা অসুবিধা বহুখিনী লাঘৱ হব বুলি আশা ব্যক্ত কৰে। অনুষ্ঠানত ভাগ লৈ গুৱাহাটী পৌৰ নিগমৰ দিছপুৰ সংমণ্ডলৰ ( ৫ ) কাৰ্যবাহী অভিযন্তা হিৰণ্য কুমাৰ হাজৰিকাই ভাষণ প্ৰসংগত পথটো আঁচনি অনুসৰি গুণগত মানদণ্ডৰে নিৰ্মাণ কৰা হৈছে বুলি সদৰি কৰে। অনুষ্ঠানত ৰাইজৰ লগতে ভাৰতীয় জনতা যুব মৰ্চাৰ দিছপুৰ মণ্ডলৰ সভাপতি ভাস্কৰ ডেকা আদি উপস্থিত থাকে।