নিউজ ডেস্কঃ গুৱাহাটীত বিভিন্ন দুচকীয়া-টেক্সি সেৱাৰ ১৪ ডিচেম্বৰৰ পৰা অনিৰ্দিষ্ট কাললৈ ধৰ্মঘটৰ আহ্বান জনায় ৷ যাত্ৰীৰ পৰা ৰেহাই মূল্যত ভাড়া গ্ৰহণ কৰিও উচ্চ হাৰত কমিচন দিবলগীয়া হোৱাত কৰ্তৃপক্ষৰ বিৰুদ্ধে তেওঁলোকৰ এই ধৰ্মঘট পালন কৰে ৷ ৰেপিড’ চালকসকলে ৩০% পৰ্যন্ত কমিচন দিবলগীয়া হৈছে ৷
উল্লেখ্য যে এই ধৰ্মঘটত অ’লা আৰু উবেৰৰ চালকসকলেও অংশগ্ৰহণ কৰিছে ৷ দুচকীয়া-টেক্সি সেৱাৰ কাৰ্যালয় গুৱাহাটীত বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত চালকসকলে কৰ্তৃপক্ষৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ স্থাপনত ব্যৰ্থ হৈছে ৷