নিউজ ডেস্কঃ বৃহস্পতিবাৰৰ পৰা অনিৰ্দিষ্টকালীন সৰ্বাত্মক কৰ্মবিৰতিত বহিল দৰং জিলাৰ বিভিন্ন চিকিৎসালয়ত কৰ্মৰত চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰী আৰু দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত কেজুৱেল কৰ্মচাৰীসকলে। চাকৰি নিয়ামীয়াকৰণকে ধৰি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি অহা অস্থায়ী আৰু কেজুৱেল কৰ্মচাৰীসকলৰ দাবী চৰকাৰে মানি নোলোৱাৰ পৰিপ্ৰেক্ষিততে এই অনিৰ্দিষ্টকালীন সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে।
অস্থায়ী কেজুৱেল কৰ্মচাৰীসকলৰ অভিযোগ অনুসৰি, তেওঁলোকে দিন-ৰাতি একাকাৰ কৰি বিভিন্ন চিকিৎসালয়ত দায়িত্ব পালন কৰি অহাৰ পিছতো লাভ কৰা নূন্যতম দৰমহাৰে পৰিয়াল চলোৱাত তীব্ৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে। দৰমহা বৃদ্ধিৰ লগতে সংস্থাপন নিয়ামীয়া কৰিবলৈ তেওঁলোকে বহু বাৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী জনাই আহিছে যদিও আজিলৈকে তেওঁলোকৰ দাবীত কোনো গুৰুত্ব প্ৰদান কৰা নহল। যাৰ বাবে বৃহস্পতিবাৰৰ পৰা অস্থায়ী আৰু কেজুৱেল কৰ্মচাৰীসকলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতিত বহিবলৈ বাধ্য হৈ পৰে।
কিন্তু পৰিতাপৰ বিষয় এই যে বিভাগীয় কৰ্তৃপক্ষই তথা অসম চৰকাৰৰ তৰফৰ পৰা বৰ্তমানলৈকে এই সকল কৰ্মীৰ প্ৰতি কোনো ধৰণৰ সহানুভূতি প্ৰদৰ্শন কৰা নাই নাইবা এই সকল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰৰ লগতে মাহিলি দৰমহা বৃদ্ধিৰ বাবেও কোনো সু-ব্যৱস্থা গ্ৰহণ নকৰিলে । ইয়াৰ ফলত আজি এইসকল চতুৰ্থ বৰ্গৰ অস্হায়ী কেজুৱেল কৰ্মচাৰীয়ে জীৱনৰ নিৰাপত্তাহীনতাত ভুগি বিভাগটোৰ প্ৰতি ক্ষোভিত হৈ অৱশেষত অনিৰ্দিষ্টকালীন সৰ্বাত্মক কৰ্মবিৰতি পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি উল্লেখ কৰে সংগঠনটোৰ সভাপতি আৰু সম্পাদকে ।