পূৰ্ব্বোত্তৰ ইনষ্টিটিউট ফৰ পাৰচনচ্ উইথ্ ডিছেবিলিটিছৰ নৱাগত আদৰণি সভাখন যোৱা ২১ ছেপ্টেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণিধৰ দত্ত প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। উক্ত অনুষ্ঠানৰ আৰম্ভণিতে ভিচন চানৰাইজ এন.জি.অৰ সদস্যবৃন্দৰ দ্বাৰা বন্তি প্ৰজ্জ্বলন কৰি কাৰ্যসূচীৰ শুভৰাম্ভণি কৰা হয় । প্ৰতিষ্ঠানৰ অধ্যক্ষ জ্যোতি প্ৰসাদ চহৰীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । নৱাগত আদৰণি সভাখনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা তথা ভিচন চানৰাইজ এন.জি.অৰ উপ-সভাপতি ডঃ ৰীতা চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি। মুখ্য অতিথি ডঃ কাকতিয়ে নৱাগত ছাত্ৰ-ছাত্ৰী সকলক খেলা-ধূলাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ প্ৰেৰণা যোগায় আৰু যিখিনি সা-সুবিধা লাগে তাত সহায়-সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে। সভাত উপস্থিত থাকে তেতেলীয়া হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী অৰ্পনা গোস্বামী।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ মনিদীপা বৰুৱাৰ প্ৰেৰণামূলক বক্তব্যই ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলক জীৱনৰ ঘাত-প্ৰতিঘাটৰ পৰা নিজকে চম্ভালিব পৰাকৈ কিছু আভাস দিয়ে। লগতে জীৱনটোত পোৱা কিছুমান ইতিবাচক আৰু নেতিবাচক চিন্তা-ধাৰাৰ ওপৰত মূল্যবান বাণীৰে প্ৰেৰণা যোগায় । বিশিষ্ট সমাজ সেৱক উৎপল হৰ্ষবধন উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। মুকলি সভাখনত সভাপতিত্ব কৰে প্রতিষ্ঠানৰ সভাপতি ডাঃ ধনেশ্বৰ কলিতাই । মুকলি সভাত উপস্থিত থাকে বিশিষ্ট গীতিকাৰ, চলচ্চিত্র সমাজসেৱিকা মঞ্জুলা হাজৰিকা আৰু বিশিষ্ট সমাজ সেৱিকা সাগৰিকা ৰয় । দুয়ো-গৰাকী মুখ্য অতিথিৰ দ্বাৰা আমাৰ প্রতিস্থানৰ ছাত্র-ছাত্রী সকলে Indian Sign Language ৰ সহায়ত কৰা চাৰিটা গীতৰ ভিডিঅ’ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। এই ভিডিঅ’ কেইটিক পৰিকল্পনা আৰু প্রযোজনা কৰে উত্তৰ -পূব সীমান্ত ৰেলৰ দ্বায়িত্বশীল বিষয়া কল্পনা ৰাজকুমাৰে। এখেতৰ লগত সহায় কৰে বন্দনা তালুকদাৰ আৰু জু্ৰি কলিতাই। ছাত্র-ছাত্রী সকলৰ নৃত্য, গীত, নাটক আদি সাংস্কৃতিক অনুষ্ঠানে দর্শক সকলক অধিক আপ্লুত কৰি তোলে।
অনুষ্ঠানটিৰ আঁত ধৰে মহাবিদ্যালয়ৰ শিক্ষয়িত্রী ক্রমে চিন্ময়ী ডেকা আৰু প্রিয়ংকা কুমাৰীয়ে। মুকলি সভাখনত আঁত ধৰে গার্গী দত্তই আৰু দুভাষী হিচাপে সহায় কৰে জুৰি কলিতাই। সদৌ শেষত প্রতিষ্ঠানৰ অধ্যক্ষা জ্যোতি প্রসাদ চহৰীয়াই শলাগৰ শৰাই আগবঢ়ায়।