গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইনদ’ৰ ষ্টেডিয়ামত ৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হয় আন্তঃজিলা ছেপাকটাক্ৰো প্ৰতিযোগিতা ।
নিৰ্মল নুনিচা আৰু যোগেন্দ্ৰ নাৰায়ন গায়নৰ সোঁৱৰণত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় ১৪ সংখ্যক আন্তঃজিলা ছেপাকটাক্ৰো প্ৰতিযোগিতা।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তা, প্ৰশাসনিক বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা আৰু জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ ।
প্ৰতিযোগিতাখনৰ উদ্বোধন কৰে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই ।
অনুষ্ঠানৰ আৰম্ভনিতে নিৰ্মল নুনিচা আৰু যোগেন্দ্ৰ নাৰায়ণ গায়নৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰে উদ্বোধকে ।
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে অসম পুলিচৰ লগতে ৰাজ্যৰ ১২ খন জিলাৰ প্ৰায় ১৫ টা প্ৰতিযোগীৰ দলে ।
প্ৰায় ২০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত ।