১৫ ফেব্ৰুৱাৰীত পালন কৰা হয় ইন্টাৰনেচনেল চাইল্ডহুড কেঞ্চাৰ দিৱস।
এই দিৱসৰ লগত সংগতি ৰাখি বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত মুকলি কৰা হয় নতুনকৈ নিৰ্মাণ কৰা পেডিয়েত্ৰিক অনক’ল’জী বিভাগৰ এটা ৱাৰ্ড।
নুমলীগড় তেল শোধনাগাৰৰ ২ কোটি টকাৰ অৰ্থসাহায্যত নিৰ্মাণ কৰা হৈছে এই ৱাৰ্ডটো ।
সোমবাৰে নৱনিৰ্মিত ৱাৰ্ডটো আনুষ্ঠানিক ভাৱে মুকলি কৰে নুমলীগড় তেল শোধনাগাৰৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাই ।
কৰ্কট ৰোগীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৱাৰ্ডটো মুকলি কৰা হয় বুলি উল্লেখ কৰে এছ কে বৰুৱাই ।
ভৱিষ্যতে শোধনাগাৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানক সহায় সহযোগিতা আগবঢ়াই যাব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে এছ কে বৰুৱাই।
অনুষ্ঠানত উপস্থিত থাকে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক অমল চন্দ্ৰ কটকী ৰ লগতে প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল ।