আজি বিশ্বই উদযাপন কৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ৷
১৯১০ চনৰ পৰা প্ৰতিবছৰে ৮ মাৰ্চ তাৰিখে পালন কৰি অহা হৈছে এই বিশেষ দিৱসটি ৷
নাৰীসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰাৰ উপৰি প্ৰতিটো ক্ষেত্ৰত নাৰীৰ কৃতিত্ব উদযাপনৰ উদ্দেশ্যে পালন কৰা হয় নাৰী দিৱস ৷
নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ ইতিহাসত ৮ মাৰ্চ তাৰিখটো এক মাইলৰ খুঁটি ৷
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ এই বৰ্ষৰ থীম- ‘প্ৰত্যাহ্বানক বাছনি কৰা’ অৰ্থাৎ যেতিয়াই নাৰীয়ে ভয়ক প্ৰত্যাহ্বান জনাব পাৰিব তেতিয়াই সমাজত পৰিবৰ্তন সাধন হ’ব ৷
অসমৰ বিভিন্ন প্ৰান্ততো নাৰী দিৱস উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠান ৷
প্ৰতিগৰাকী নাৰীলৈ টুইটাৰযোগে নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৷
Women are our strength, women are our inspiration. On #InternationalWomensDay, let us acknowledge the contribution of women in shaping the society and realise the power of #NariShakti in building an Aatmanirbhar Assam. pic.twitter.com/PVzzMSQHFh
— Sarbananda Sonowal (@sarbanandsonwal) March 8, 2021