বৃহস্পতিবাৰে বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব আই পি এলৰ বাবে নিলাম প্ৰক্ৰিয়া ৷
দেশৰ অন্যতম জনপ্ৰিয় ক্ৰিকেট প্ৰতিযোগিতা আই পি এলৰ বাবে নিলাম অনুষ্ঠিত হ’ব চেন্নাইত ৷
২৯২গৰাকী খেলুৱৈ সাজু হৈছে আজিৰ নিলামৰ কাৰণে ৷
এইসকলৰ ভিতৰত ৬১গৰাকী খেলুৱৈৰহে ভাগ্য মুকলি হ’ব নিলামত ৷
কাৰণ ৮টা ফ্ৰেনচাইজীৰ মাত্ৰ ৬১গৰাকী খেলুৱৈৰ স্থানহে বাকী আছে ৷
এই নিলামত আছে অসমৰ বেটচমেন ৰাজাকুদ্দিন আহমেদ আৰু ছাহিল জৈন ৷
নিলামত থকা উত্তৰ-পূবৰ আনগৰাকী খেলুৱৈ হৈছে নাগালেণ্ডৰ লেগ স্পীনাৰ খ্ৰেইভিষ্ট কেনছে ৷
ডিমাপুৰৰ ১৭ বছৰীয়া ক্ৰিকেটাৰগৰাকীৰ মূল্য ২০ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে ৷
নিলামৰ বাবে সাজু হৈছে শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰো ৷